ঠিক যেন পৃথিৱী! বাসোপযোগীগ্ৰহৰ সন্ধান পালে নাছাই

0
663

আশাৰ পোহৰ দেখা বুলি ক’লেও কম কোৱা হ’ব৷ ই এক অসমান্য আৱিষ্কাৰ৷ পৃথিৱীৰ দৰে সকলো গুণসম্পন্ন এখন অন্য পৃথিৱীৰ খোজ পাইছে নাছাই৷ মানুহে এই পৃথিৱীৰ উপৰিও অন্য কোনো গ্ৰহ বা উপগ্ৰহত বসবাস কৰিব পৰা যায় নেকি তাৰ উপায় উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ কাৰণে মহাকাশ বিজ্ঞানীয়ে পৃথিৱীৰ বাহিৰেও আন কোনো সৌৰমণ্ডলৰ বাহিৰত জীৱ আছে নেকি অথবা মানুহ বসবাসক উপযোগী নেকি তাক লৈ অহৰহ জনাৰ চেষ্টা কৰি আছে৷ এই সম্ভেদৰ মাজতেই নাছাই এক এনে গ্ৰহ আৱিষ্কাৰ কৰিছে, যি গ্ৰহ দেখাত হুবহু পৃথিৱীৰ দৰে৷ এই গ্ৰহটোৰ আয়তন পৃথিৱীতকৈ ডেৰ গুণ ডাঙৰ৷ আনহাতে এই গ্ৰহটোৰ দূৰত্ব পৃথিৱীৰ পৰা যথেষ্ট কম৷ পৃথিৱীৰ খুব ওচৰতে তাৰ অৱস্থান৷ বিজ্ঞানীয়ে এই গ্ৰহটোত পানী থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে৷ ইয়াৰ লগতে এই গ্ৰহটো পৃথিৱীৰ দৰে মানুহৰ বসবাসৰ উপযোগী হ’ব বুলি ধাৰণা কৰিছে৷ এই গ্ৰহটোৰ সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিলে ১৯ দিন সময় লাগে৷ অৰ্থাৎ ১৯ দিনটো এই গ্ৰহটোত এবছৰ হয়৷ গ্ৰহটো পৃথিৱীৰ পৰা মাত্ৰ ১৩৭ আলোকবৰ্ষ দূৰত্বত অৱস্থান কৰিছে, যি মহাকাশৰ হিচাপত অতি কম দূৰত্ব৷ বিজ্ঞানীয়ে এই নতুন গ্ৰহটোৰ বায়ুমণ্ডলো বাসযোগ্য বুলি জানিবলৈ দিছে৷ বিজ্ঞানীয়ে এই নতুন গ্ৰহটোৰ নাম দিছে টিঅ’আই ৭১৫৷ এই গ্ৰহটোক লৈ এতিয়া বিজ্ঞানী মহলৰ মাজত আশাৰ সঞ্চাৰ হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here