ভাৰতবৰ্ষৰ প্ৰায়সংখ্যক লোকৰ পাকঘৰতে ইলাচি পোৱা যায়। চাহত ব্যৱহাৰ কৰাৰ লগতে ইলাচি বহুতো পাচলিত ব্যৱহাৰ কৰা হয়, কিন্তু কমসংখ্যক লোকেহে জানে যে ই সুগন্ধিযুক্ত হোৱাৰ লগতে বহুতো ৰোগৰ পৰা আঁতৰাই ৰখাৰ গুণাগুণ আছে। ৰক্তচাপ সন্তুলিত কৰি ৰখাৰ লগতে হৃদৰোগৰ আশংকা হ্ৰাস কৰাত ইলাচি অতি উপকাৰী। ইয়াৰ লগতে ইলাচিৰ আন বহুটো লাভালাভ আছে।
ইলাচিত কাৰ্বোহাইড্ৰেট, আঁহ, কেলচিয়াম, পটাচিয়াম, মেগনেচিয়াম, আইৰন আৰু ফচফৰাছৰ দৰে খনিজ পদাৰ্থ থাকে। এনে পৰিস্থিতিত, উচ্চ ৰক্তচাপত ভুগি থকা লোকসকলে ইলাচি আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে। প্ৰকৃততে, কেলচিয়াম, ফচফৰাছ আৰু পটাচিয়ামৰ দৰে খনিজ পদাৰ্থই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ইলাচিৰ ব্যৱহাৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াক দ্ৰুত কৰাৰ ক্ষেত্ৰতো যথেষ্ট লাভজনক। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ, মানুহে নিজৰ আহাৰত ইলাচি অন্তৰ্ভুক্ত কৰিব পাৰে।