ৰাজ্যত প্ৰথমবাৰৰ বাবে অত্যাধুনিক কেথলেব মুকলি

0
562

অসমত সৰ্বপ্ৰথমবাৰৰ বাবে স্বাগত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল এণ্ড ছাৰ্জিকেল ইনষ্টিটিউটে ইণ্টাৰভেনশ্যনেল ৰেডিঅ’লজী আৰু অত্যাধুনিক কেথলেব বিভাগ আনুষ্ঠানিকভাৱে  কৰিছে৷ চিকিৎসালয় চৌহদৰ অষ্টম মহলাত স্থাপন কৰা এই ইউনিট স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই  উদ্বোধন কৰে৷
স্বাগত হাস্পতালৰ ভাছকুলাৰ ইণ্টাৰভেনশ্যনেল বিভাগ হৈছে ফিলিপ্‌ছৰ অত্যাধুনিক প্ৰযুক্তিৰ চিলিং আৰ্হিৰ কেথলেব ‘এজুৰিয়ন’ৰ সৰ্বপ্ৰথম সংস্থাপন৷ প্ৰতিষ্ঠানটোৰ হৃদৰোগ বিশেষজ্ঞই প্ৰকাশ কৰা অনুসৰি পৰম্পৰাগত কেথলেবৰ তুলনাত এই প্ৰযুক্তিৰ একাধিক উপযোগিতা আছে৷ 
এই অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে অসমৰ লগতে দেশ-বিদেশৰ জনতাক স্বাস্থ্যসেৱা প্ৰদানৰ দিশত স্বাগত হাস্পতালৰ কাৰ্যাৱলী অগ্ৰণী আৰু এই প্ৰক্ৰিয়াত প্ৰতিজন নাগৰিকৰ আস্থা আছে৷ 
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ক্ৰমে গুৰুগ্ৰামৰ ফ’ৰ্টিছ হাৰ্ট আৰু ভাছকুলাৰ ইনষ্টিটিউটৰ জনাজাত বিশেষজ্ঞ পদ্মভূষণ ডাঃ টি এছ ক্লেৰ আৰু মুম্বাইৰ হিন্দুজা হাস্পতালৰ প্ৰথিতযশা কাৰ্ডিয়াক ছাৰ্জন ডাঃ কৌশল পাণ্ডে৷  
প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক তথা মুখ্য চিকিৎসা সঞ্চালক ডাঃ সুভাষ খান্নাই  আদৰণী ভাষণত যন্ত্ৰবিধৰ সুবিধাৰ বিষয়ে আলোকপাত কৰে৷ লগতে কেৱল হৃদযন্ত্ৰৰ বিসংগতিত ভোগাসকলৰ সমান্তৰালভাৱে ষ্ট্ৰ’ক আৰু অভ্যন্তৰীণ ৰক্তক্ষৰণৰ সমস্যাত আক্ৰান্তসকলৰো চিকিৎসাত যন্ত্ৰবিধ সহায়ক হ’ব বুলি বৰ্ণনা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here