জলবায়ু পৰিৱৰ্তনৰ ফলসাগৰত বিলীন হ’ল এখন গাঁও

0
752


জলবায়ু পৰিৱৰ্তনৰ ফল এতিয়া লাহে লাহে সমগ্ৰ বিশ্বই ভোগ কৰিবলৈ লৈছে৷ ইয়াৰ ফলত বিশ্বৰ উষ্ণতা বৃদ্ধি পাবলৈ লৈছে আৰু এতিয়া পৰিস্থিতি চৰম পৰ্যায়ত উপনীত হোৱা পৰিলক্ষিত হৈছে৷ বিশ্বৰ কোনো অংশই ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত নহয়৷ কিন্তু কিছুমান অঞ্চলত ইয়াৰ অধিক প্ৰত্যক্ষ প্ৰভাৱ পৰিবলৈ লৈছে৷ তেনে এক স্থান হ’ল থাইলেণ্ডৰ উপকূলীয় গাঁও ৱাট খুন সমুট চিন৷ উল্লেখযোগ্য যে বৈজ্ঞানিকসকলে বাৰম্বাৰ এই বুলি সতৰ্ক কৰি আহিছে যে বিশ্বৰ উষ্ণতা বৃদ্ধিৰ ফলত হিমবাহ আৰু মেৰু অঞ্চলৰ বৰফ গলিবলৈ লৈছে৷ কিছুমান লোকে বিজ্ঞানীসকলৰ এই সতৰ্কবাণী ফলিয়াবলৈ এতিয়াও বহু সময় আছে বুলি গণ্য কৰি আহিছে৷ কিন্তু সংকট একেবাৰে কাষ চাপিছে৷ ইয়াৰ প্ৰত্যক্ষ উদাহৰণ হ’ল থাইলেণ্ডৰ এই গাঁওখন৷ এই গাঁওখন এটা দ্বীপত আছে৷ দ্বীপটোৰ উপকূলৰ মেংগ্ৰোভ কাটি পেলোৱাৰ ফলত দ্বীপটোক সমুদ্ৰৰ পৰা ৰক্ষা কৰি থকা কৱচ নোহোৱা হৈ পৰে৷ ইয়াৰ লগে লগে সাগৰৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰে৷ ফলত গাঁওখন লাহে লাহে সাগৰে গ্ৰাস কৰিবলৈ ধৰে৷ আগতে এই গাঁওখনত মাছমৰীয়া আৰু তেওঁলোকৰ পৰিয়ালৰে পৰিপূৰ্ণ আছিল৷ গাঁওখনত সাগৰৰ পানী সোমাবলৈ লোৱাৰ লগে লগে মাছমৰীয়াসকলে পিছ হুঁহকি যাবলৈ ধৰে৷ সমুদ্ৰ সিমানতে ক্ষান্ত হৈ থকা নাছিল৷ লাহে লাহে গাঁওখন সাগৰৰ পানীত বিলীন হ’বলৈ আৰম্ভ কৰে৷ ফলত মাছমৰীয়া আৰু তেওঁলোকৰ পৰিয়ালে তাৰ পৰা পলায়ন কৰিবলৈ ধৰে৷ যোৱা তিনিটা দশকে সাগৰৰ জলস্তৰ বৃদ্ধি পাই গৈ আছে আৰু ইয়াৰ লগে লগে উপকূলীয় অঞ্চল পানীত ডুব যাবলৈ ধৰে৷ এতিয়া গোটেই গাঁওখনেই সাগৰত বিলীন হোৱাৰ দিশত আগবাঢ়িছে৷ গাঁওখনত এখন স্কুল আছিল৷ এই স্কুলখন পূৰ্বতে যি স্থানত আছিল সেই স্থানো এতিয়া সাগৰৰ পানীৰ তলত৷ গাঁওখনক সাগৰৰ কবলৰ পৰা ৰক্ষাৰ কাৰণে কংক্ৰিটৰ বেৰা দিয়া হৈছিল যদিও সেয়া পৰ্যাপ্ত নহয়৷ এক অনুমান মতে এই গাঁওখন তথা দ্বীপটোৰ উপকূলীয় ৰেখা প্ৰায় ডেৰ কিল’মিটাৰ পিছলৈ গৈছে৷ আন কথাত ৫০ৰ দশকৰ পৰা এতিয়ালৈকে সাগৰৰ পানী প্ৰায় ডেৰ কিল’মিটাৰ ভিতৰলৈ সোমাই আহিছে৷ উল্লেখ্য যে এটা সময়ত তাৰ বাসিন্দাসকলে খেতি-বাতিৰ কাৰণে মেংগ্ৰোভ কাটি তহিলং কৰে আৰু এতিয়া তেওঁলোকৰ শিশুসকলে ইয়াৰ ফল ভোগ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here