জণ্ডিচ ৰোগীৰ উত্তম পথ্য কি?

0
1649

স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে অতীজৰে পৰা অসমৰ গাঁৱে-ভূঞে বিভিন্ন প্ৰকাৰৰ শাক-পাচলি, ফল-মূল আদি ব্যৱহৃত হৈ আহিছে৷ এই খাদ্য সামগ্ৰীবিলাক পৰিপুষ্টি আৰু ঔষধি গুণেৰে ভৰপূৰ৷ তেনে এবিধ ঔষধি গুণবিশিষ্ট শাক হৈছে কলমৌ শাক৷ কলমৌ শাক সাধাৰণতে এছিয়া মহাদেশৰ গ্ৰীষ্মপ্ৰধান অঞ্চলবোৰত হয়৷ বিল, জলাশয়, দ পিটনি বা জেকা মাটিত এইবিধ শাক হয়৷ বাৰিষা কালত কলমৌ দেখিবলৈ পোৱা যায়৷ এজোপা কলমৌ শাক ৭-১০ ফুট দীঘল হয়৷ ইয়াৰ বৈজ্ঞানিক নাম ইপ’মিয়া একুৱাটিকা (Ipomoea Aquatica)৷ ই এবিধ আঁহজাতীয় খাদ্য৷ ইয়াত প্ৰচুৰ পৰিমাণে খাদ্য উপাদান পোৱা যায়৷ কলমৌ শাকত ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, আইৰন, আঁহ, কেলচিয়াম, মেগনেচিয়াম, মেংগানিজ, জিংক আদি যৌগ থাকে৷ জণ্ডিচ আৰু অন্যান্য লিভাৰজনিত ৰোগত কলমৌ শাক উত্তম পথ্য৷ বিভিন্ন প্ৰকাৰৰ অলাগতিয়াল বৰ্জিত পদাৰ্থক শৰীৰৰ পৰা নিষ্কাশন কৰাত ই সহায় কৰে৷ ইয়াত থকা বিভিন্ন উপাদানে লিভাৰৰ এনজাইমসমূহক সক্ৰিয় কৰি লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে লিভাৰক সুৰক্ষা প্ৰদান কৰে৷ ইয়াত থকা মেগনেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ কলমৌত থকা ভিটামিন-চিয়ে এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷ কলমৌ শাকে বসন্ত ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে৷ ইয়াত থকা প্ৰচুৰ পৰিমাণৰ কেলচিয়ামে হাড় আৰু দাঁত মজবুত কৰে৷ এনিমিয়া ৰোগীৰ বাবে কলমৌ শাক অতি উপকাৰী৷ ইয়াত থকা ছিলেনিয়াম আৰু জিংক নিদ্ৰাহীনতা সমস্যাত ভোগা লোকৰ বাবে উপকাৰী৷ এনে এবিধ ঔষধিগুণবিশিষ্ট শাক আমাৰ খাদ্য তালিকাত ৰখাটো খুবেই দৰকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here