ছালৰ সৌন্দৰ্য ধৰি ৰখাত চকলেটে কি ভূমিকা লয়?

0
1432

চকলেট খাই ভাল নোপোৱা মানুহ নাই বুলি ক’ব পাৰি৷ সৰু ল’ৰা-ছোৱালীৰ আটাইতকৈ বেছি পচন্দৰ বস্তুবিধেই হৈছে চকলেট৷ চকলেট দেখুৱাই এনেকুৱা ল’ৰা-ছোৱালীৰ পৰা অনায়াসে কাম হাছিল কৰিব পাৰি৷ এটি শিশুৰ খং-ৰাগ, অভিমান ভাঙিব পাৰি মাত্ৰ এটা চকলেটৰ দ্বাৰাই৷ অতিমাত্ৰা চকলেট খোৱাৰ ফলত দাঁতৰ বিভিন্ন সমস্যাই দেখা দিয়ে যদিও ইয়াৰ ভাল গুণো আছে৷ সাধাৰণতে বজাৰত বিভিন্ন প্ৰকাৰৰ চকলেট পোৱা যায়৷ ডাৰ্ক চকলেট খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে ই আমাৰ ছালখনৰ সৌন্দৰ্য ধৰি ৰখাত সহায় কৰে৷ ‘নিউট্ৰিচেন’ নামৰ আলোচনী এখনত ২০১৪ চনত প্ৰকাশিত তথ্যৰ পৰা জানিব পৰা গৈছে যে ডাৰ্ক চকলেটত কিছুমান সৌন্দৰ্য বৰ্ধনৰ বাবে লাভদায়ক উপাদান আছে৷

(১) সূৰ্যৰ তাপত আমাৰ ছালখন নষ্ট হয়, ডাৰ্ক চকলেটে ইয়াৰ পৰা আমাক সুৰক্ষা দিয়ে৷
(২) ছালৰ কৰ্কট ৰোগ হোৱা সম্ভাৱনা ডাৰ্ক চকলেটে কমাই ৰাখে৷
(৩) ডাৰ্ক চকলেট খালে ছালখন মসৃণ হয়৷ ছালখন শুষ্কতাৰ পৰা বচাই ৰাখে৷
(৪) ছালৰ দাগ নোহোৱা কৰাত ডাৰ্ক চকলেটৰ অৱদান যথেষ্ট৷ ই ছালখনৰ উজ্জ্বলতা বঢ়ায়৷
(৫) বয়সৰ চাপ পৰাৰ পৰা ডাৰ্ক চকলেটে ছালখনক সুৰক্ষা দিয়ে৷
(৬) ডাৰ্ক চকলেটত প্ৰয়োজনীয় মিনাৰেল যেনে– কপাৰ, আইৰন, জিংক আদি থাকে, যিয়ে ছালৰ কোষসমূহ বৃদ্ধিত অৰিহণা যোগায় আৰু ছালখনৰ যত্ন লয়৷
(৭) ইয়াত থকা মেগনেচিয়ামে আমাৰ মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে লগতে ভাল টোপনি অহাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে, যি এখন সুন্দৰ ছালৰ বাবে অতিকৈ প্ৰয়োজনীয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here