ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান চন্দ্ৰযান-২য়ে জোনবাইৰ বুকুত পানী থকাৰ প্ৰমাণ লাভ কৰিছে৷ এই অভিযানটোৰ পৰা লাভ কৰা তথ্য অনুসৰি, চন্দ্ৰত পানীৰ অণু মজুত আছে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO-ৰ প্ৰাক্তন অধ্যক্ষ এ এছ কিৰণ কুমাৰৰ সহযোগত লিখা এখন গৱেষণা পত্ৰত এই কথা প্ৰকাশ কৰা হৈছে৷ ইয়াত কোৱা হৈছে যে চন্দ্ৰযান-২ত থকা সঁজুলিবোৰৰ ভিতৰত Imaging Infrared spectrometer নামৰ এবিধ সঁজুলিও আছে৷ ইয়াক বৈজ্ঞানিক তথ্য সংগ্ৰহৰ বাবে ১০০ কিল’মিটাৰৰ এক ধ্ৰুৱীয় কক্ষপথত স্থাপন কৰা হৈছিল৷ Current Science নামৰ বাৰ্তালোচনীখনত এই তথ্য প্ৰকাশ পাইছে৷ ইয়াত উল্লেখ কৰা অনুসৰি, চন্দ্ৰৰ ২৯ ডিগ্ৰী উত্তৰ আৰু ৬২ ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত বৃহৎ পৰিমাণৰ পানী থকাৰ প্ৰমাণ পোৱা গৈছে৷ ইয়াত মিশ্ৰিত নোহোৱা অৱস্থাত বৃহৎ পৰিমাণৰ হাইড্ৰক্সিল (OH) আৰু পানীৰ (H20) অণু থকাৰ তথ্য লাভ কৰা হৈছে৷