বছৰৰ প্ৰতিটো সময়, প্ৰতিটো দিন, প্ৰতিটো মাহ অথবা প্ৰত্যেকটো ছিজন আমাৰ মন একেধৰণৰ ভালে থাকেনে? ই কেতিয়াও সম্ভৱ নহয়৷ সকলো মানুহৰ ক্ষেত্ৰত দিন, মাহ বছৰৰ সকলো সময়তে মন আনন্দত তথা স্ফূৰ্তিত নাথাকে৷ মুহৰ্তে সলনি হয় মনত অৱস্থা৷ অৱশ্যে মন বেয়া লগাৰ বিভিন্ন নিজস্ব কাৰণৰ বিষয়ে বৰ্ণনা কৰা হোৱা নাই৷ সকলো মানুহৰ ক্ষেত্ৰতে সাৰ্বিকভাৱে মন বেয়া লগা বা মন গধুৰ অনুভৱ কৰাৰ কথাহে উল্লেখ কৰা হৈছে৷ বিশেষকৈ ভাৰতীয়সকলৰ ওপৰত পৰা ঋতুকালীন বতৰৰ পৰিৱৰ্তনে মনৰ ওপৰত পেলোৱা প্ৰভাৱক মুখ্যতঃ আলোচনা কৰিবলৈ বিচৰা হৈছে৷ আপুনি হয়তো বিশ্বাস কৰিবলৈ টান পাব, কিন্তু কেতিয়াবা লক্ষ্য কৰিছেনে যে ঋতু পৰিৱৰ্তনৰ লগে লগে আমাৰ মন ভাল অথবা বেয়া লগাৰ এটা গভীৰ সম্পৰ্ক থাকে৷ আমাৰ মাজত প্ৰায়ে শুনা যায় যে বতৰ মেঘাচ্ছন্ন হ’লে অথবা কেইবাদিনো ধৰি বৰষুণ দিয়াৰ ফলত আমাৰ মন ভালে নাথাকে, মনটো অশান্ত বা অস্থিৰ হৈ পৰে৷ আনহাতে বহুতেই এনেকৈও কয় যে বৰষুণৰ বতৰ তেওঁলোকে অত্যন্ত সুখী অনুভৱ কৰে৷ একাধিক সমীক্ষা তথা মনোবিজ্ঞানীৰ দীৰ্ঘদিনৰ পৰ্যবেক্ষণৰ পাছত কোৱা হৈছে যে বছৰৰ নিৰ্দিষ্ট কেইটামান মাহ আছে, এই সময়খিনিত ভাৰতীয়সকলে সাৰ্বিকভাৱে সকলোতকৈ দুখী অনুভৱ কৰে৷ কলকাতাৰ ক্লিনিকেল চাইকোলজিষ্ট শিঞ্জীনি দেবে কোৱা মতে ভাৰতৰ গ্ৰীষ্মকাল অতি কাঢ়া অৰ্থাৎ যথেষ্ট উষ্ণতা বৃদ্ধি হয় বিপৰীতে শীতকালত তাপমাত্ৰা যথেষ্ট কমি যায়৷ আনহাতে শীতকালত ৰ’দৰো চোক কম৷ ইয়াৰ উপৰি বৰ্তমান সময়ত শীতকালত ঘূৰ্ণিবতাহ, বৰষুণ, ধুুমুহা আদি প্ৰভাৱো যথেষ্ট বেছি হোৱা দেখা গৈছে৷ এই প্ৰসংগত মনোবিজ্ঞানীগৰাকীয়ে জানিবলৈ দিয়ে যে ভাৰতৰ প্ৰায়ভাগ মানুহেই বেছি দুখী, উদ্বিগ্ন তথা বিৰক্তি হয় গ্ৰীষ্মৰ অত্যধিক উত্তাপ আৰু ৰ’দহীন, সেমেকা শীতকালৰ নিৰ্দিষ্ট সময়খিনিত৷ বৰ্ষা কালতো বহুৰতে মন বেয়া লগাৰ সমস্যাত ভোঘে যদিও এই নিৰ্দিষ্ট দুটা সময়তকৈ তুলনামূলকভাৱে কম৷ কিন্তু এই তিনি ঋতুৰ মাজতো আছে এনে এটা নিৰ্দিষ্ট সময়, যি সময়খিনিত ভাৰতীয়সকলে সকলোতকৈ বেছি দুখী অনুভৱ কৰে৷ মনোবিদজনে এই বিশেষ ঘটনাটোক Seasonal affective disorder বুলি জনাইছে৷ তেওঁৰ মতে কমপক্ষেও ১০ মিলিয়ন মানুহে প্ৰতিবছৰে এই সমস্যাত ভোগে৷ অক্টোবৰৰ পৰা এপ্ৰিল মাহপৰ্যন্ত এই সময়ত মানুহে সাৰ্বিকভাৱে কম এনাৰ্জেটিক তথা বেছি দুখী বা বিৰক্তত থাকে৷ শীতকালত দিন চুটি আৰু সূৰ্যৰ পোহৰৰ চোক কম থাকে বাবে শৰীৰৰ সংস্পৰ্শত কম পৰিমাণে লাগে৷ যাৰ ফলত শৰীৰত কম ভিটামিন-ডি প্ৰস্তুত হয়৷ শৰীৰৰ ভিটামিন-ডিৰ পৰিমাণ কমি গ’লে ডিপ্ৰেশ্যনৰ অন্যতমৰ কাৰণ হৈ পৰে৷ সেয়েহে মন ভালে নাথাকে৷