কৃত্ৰিম বুদ্ধিমত্তা বিশ্বৰ বাবে বৃহৎ ভাবুকি : ৰাষ্ট্ৰসংঘ

0
1090


কৃত্ৰিম বুদ্ধিমত্তাক [এ আই] লৈ ৰাষ্ট্ৰসংঘই উদ্বেগ প্ৰকাশ কৰিছে৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কৃত্ৰিম বুদ্ধিমত্তাক লৈ কৰা এক আলোচনাত বিভিন্ন সদস্য দেশে এই বুলি কয় যে কৃত্ৰিম বুদ্ধিমত্তা বিশ্বৰ বাবে বৃহৎ ভাবুকি হৈ পৰিব পাৰে৷ বিশ্বৰ শান্তি আৰু সুৰক্ষাৰ প্ৰতি কৃত্ৰিম বুদ্ধিমত্তাই তীব্ৰ প্ৰত্যাহবানৰ সৃষ্টি কৰিব পাৰে আৰু আনকি বিশ্বক বিনাশৰ মুখলৈও লৈ যাব পাৰে৷ ৰাষ্ট্ৰংসঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটাৰেছে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ছাইবাৰ আক্ৰমণ, ডীপফেক অৰ্থাৎ ন্যস্তস্বাৰ্থ জড়িত প্ৰচাৰ আৰু ঘৃণাৰ উদ্ৰেককাৰী ভাষণ আদি দিব পৰ্যায়লৈ নিলে ই বিশ্বৰ শান্তি তথা সুৰক্ষাৰ বাবে ডাঙৰ প্ৰত্যাহবান হৈ পৰিব৷ গুটাৰেছে কয়, ‘ছচিয়েল মিডিয়ালৈকে চাওক, যাক মানুহৰ মাজত যোগাযোগ বৃদ্ধি কৰাৰ বাবে আৰম্ভ কৰা হৈছিল, সি এতিয়া কেনেদৰে নিৰ্বাচন, ষড়যন্ত্ৰ, ঘৃণা-হিংসা বিয়পোৱাৰ মাধ্যম হৈ পৰিছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ যিকোনো ধৰণৰ অপব্যৱহাৰ ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিব৷ যদিহে এনে পৰিস্থিতিত কৃত্ৰিম বুদ্ধিমত্তাক পাৰমানৱিক অস্ত্ৰ, বায়’টেকন’লজী, নিউৰ’টেকন’লজি, ৰবটৰ সৈতে আন্তঃক্ৰিয়া কৰা হয় তেতিয়া পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব পাৰে৷’ ১৫ জনীয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এই বৈঠকখনৰ আহবান কৰিছিল ব্ৰিটেইনে৷ গুটাৰেছে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে আলোচনা কৰাৰ বাবে একন উচ্ছ পৰ্যায়ৰ বৈঠকৰ আহবান কৰা হ’ব৷ তেওঁ লগতে কয় যে চলিত বছৰৰ শেষলৈ গ্ল’বেল গভৰ্নেন্স বিষয়ত একি প্ৰতিবেদন দাখিলল কৰা হ’ব৷ নতুন বিষয়ত নতুন পলিচি ব্ৰিফিং দিয়াও হ’ব আৰু ইয়াত সদস্য ৰাষ্ট্ৰসমুহে কৃত্ৰিম বুদ্ধিমত্তাৰ গভৰ্নেন্সৰ প্ৰসংগত নিজৰ পৰামৰ্শ দিব পাৰিব৷ তেওঁ চৰকাৰ আৰু আমোলাতন্ত্ৰ মাজত কৃত্ৰিম বুদ্ধিমত্তাত দক্ষতাৰ অভাৱৰ কথাও উল্লেখ কৰে৷ সচিব প্ৰধানজনে কয় যে ৰাষ্ট্ৰসংঘই কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব৷ য়াৰ কাৰণে নতুন আন্তঃৰাষ্ট্ৰীয় নিয়ম প্ৰণয়ন কৰা হ’ব৷ নতুন সন্ধি, নতুন বিশ্ব পৰ্যায়ৰ এজেন্সী গঠন কৰা হ’ব বুলিও তেওঁ কয়৷ উল্লেখযোগ্য যে যোৱা মাহতজেনেভাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰসংগত আলোচনাৰ বাবে এখন শীৰ্ষ সন্মিলনৰ আয়োজন কৰা হৈছিল৷ ইয়াত বিশেষজ্ঞ, ব্যক্তিগত খণ্ড, ৰাষ্ট্ৰসংঘৰ এজেন্সীসমুহে একেখন মঞ্চতে একত্ৰিত হৈছিল৷ এই বৈঠকত কৃত্ৰিম বুদ্ধিমত্তাক প্ৰকৃততে সাধাৰণ মানুহৰ উপকাৰত ব্যৱহাৰ কৰিব পাৰিনে নোৱাৰি সেই বিষয়ে আলোচনা কৰা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here