কলত থকা সূতাৰ দৰে অংশটো খোৱা উচিতনে ?

0
213

কল শৰীৰৰ শক্তিবৰ্ধক এবিধ ফল৷ কল খাই সকলোৱে ভালপায়৷ শৰীৰৰ কাৰণে প্ৰয়োজনীয় পটেচিয়ামৰ এটা চমৎকাৰ উৎস হ’ল কল৷ শিক্ষাৰ্থীৰ টিফিনৰ প্ৰধান খাদ্যটোৱে হ’ল কল৷ ইয়াৰ বাহিৰেও পকা কল এনে বা দৈ-চিৰাসহিতে খালে অমৃতৰ লেখীয়া হয়৷ কিন্তু এই কল খোৱাৰ সময়ত একমাত্ৰ বিৰক্তিকৰ বস্তুটো হ’ল কলৰ লগত লাগি থকা সূতাকৃতিৰ আঁহবোৰ৷ যাক ফ্লোয়েম বাণ্ডেল নামে জনা যায়৷ কল খোৱাৰ সময়ত বাকলি এৰাই দিলে এই সূতাজাতীয় আঁহবোৰ কল লাগিয়েই থাকে৷ কল খোৱাৰ সময়ত এইবোৰে বিৰক্তিকৰ কৰি তোলে৷ যথেষ্ট বিৰক্তিসহকাৰে কলত থকা এই ফ্লোয়েম বাণ্ডেল পেলাই দি তাৰ পৰা কল খোৱা হয়৷ আচলতে এই ফ্লোম বাণ্ডেলবোৰ খালে সুস্বাদু নহ’লেও বা স্বাদহীন হ’লেও খোৱাটো খুব গুৰুত্বপূৰ্ণ৷ এই সূতাৰ দৰে আঁহবোৰ পেলাই দি কল খোৱাটো স্বাস্থ্য উপযোগী নহয়৷ এই কথা জানিবলৈ দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউট্ৰিশ্যন ৰিছাৰ্চৰ ভাইচ প্ৰেছিডেণ্ট তথা ডোল নিউট্ৰিশ্যন ইনষ্টিটিউটৰ পৰিচালক ড॰ নিকোলাছ ডি গিলিটে৷ তেওঁ এই বিষয়ে বিস্তাৰিতভাৱে জনাইছে৷ তেওঁ যদিও নিৰ্দিষ্টভাৱে ফ্লোয়েম বাণ্ডেলক লৈ গৱেষণা কৰা নাই, তথাপি সম্ভৱতঃ ইয়াৰ পুষ্টিগুণৰ মাজত পাৰ্থক্য আছে বুলি কৈছে৷ যিহেতু এইবোৰে এটা নিৰ্দিষ্ট কাম কৰাৰ বাবে প্ৰস্তুত হয়, সেয়ে কলৰ তুলনাত ভিন্ন পুষ্টিগুণ ইয়াত পোৱা যায় বুলি আশা কৰিব পাৰি৷ উল্লেখ্য যে ফোয়েম টিছু উদ্ভিদৰ দুই ধৰণৰ পৰিবহণ টিছুৰ এবিধ৷ যি সকলো উদ্ভিদতে পোৱা যায়৷ পুষ্টি তথা অন্যান্য উপাদান গোটেই উদ্ভিদজোপাকে পৰিবহণ কৰে এই টিছুই৷ কলত ফ্লোয়েম থকাৰ কাৰণ হৈছে এই টিছুৱে পুষ্টিগুণ কলৰ মাজেৰে পৰিবাহী কৰে, যি কলৰ বৃদ্ধিত সহায় কৰে৷ পুষ্টিৰ পৰ্যাপ্ত স্বভাৱৰ কাৰণে ফ্লোয়েম বাণ্ডেলবোৰ প্ৰয়োজন৷ গিলিটৰ মত অনুসৰি কলৰ ফ্লোয়েম বাণ্ডেলবোৰ সম্পূৰ্ণৰূপে খাব যাতে পাৰি তথা ফলৰ মূল অংশ হিচাপে ই পুষ্টিকৰভাৱে সমৃদ্ধ৷ আনকি কলৰ তুলনাত ফ্লোয়েম বাণ্ডেলত বহু বেছি আৰু বিভিন্ন ধৰণৰ ফাইবাৰ থাকে৷ সেয়ে মানুহৰ শৰীৰৰ বাবে এই ফ্লোয়েম বাণ্ডেলে ভিন্ন প্ৰয়োজনীয় পুষ্টি যোগান ধৰে৷ পুষ্টিবিদে জনোৱা মতে স্বাদহীন হ’লেও এই উপাদানৰ এইপৰ্যন্ত কোনোধৰণৰ ক্ষতিকাৰক বুলি প্ৰমাণ পোৱা হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here