সাধাৰণতে গৰমৰ দিনতকৈ শীতকালতকৈ মহৰ উৎপাত বেছি দেখা যায় যদিও আজিকালি প্ৰায়ভাগ সময়তো মহৰ উপদ্ৰৱ দেখিবলৈ পোৱা যায়৷ মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ বজাৰৰ পৰা কয়েল, স্প্ৰে আদি ছটিওৱা হয় যদিও কামত নাহে৷ আনহাতে এইবোৰৰ ৰাসায়নিক দ্ৰব্য মিহলি দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত শৰীৰৰো ক্ষতি কৰিব পাৰে৷ মহ খেদিবলৈ সেয়ে কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ ঘৰুৱা উপায় অৱলম্বন কৰিব জানো আহক৷ কৰ্পূৰৰ গোন্ধ মহে একেবাৰে সহ্য কৰিব নোৱাৰে৷ আপুনি কোনো এখন ঔষধৰ দোকানলৈ গৈ কৰ্পূৰৰ টেবলেট বা গুৰি আনি এটা সৰু পাত্ৰত ৰাখি পাত্ৰটো পানীৰে পূৰ্ণ কৰক৷ ইয়াৰ পাছত এই পাত্ৰটো ঘৰৰ এচুকত ৰাখক৷ অলপ সময় পাছত দেখিব ঘৰৰ পৰা মহবোৰ পলাই পত্ৰং দিছে৷ দুদিনৰ মূৰে মূৰে এই পাত্ৰটোৰ পানীখিনি সলনি কৰক৷ মনত ৰাখিব এই পাত্ৰৰ আগৰ পানীখিনি পেলাই নিদি ঘৰ মোচা কামত ব্যৱহাৰ কৰিলে কীট-পতংগৰ উৎপাতৰ পৰা হাত সাৰিব পাৰিব৷
এটা নেমু দুটুকুৰা কৰি নেমুৰ ভিতৰত অংশত কেইটামান লং ভৰাই দিব৷ এইদৰে কৰা নেমুৰ টুকুৰাবোৰ ঘৰৰ এটা নিৰ্দিষ্ট কোণত ৰাখি থওক৷ দেখিব ঘৰত মহৰ উপদ্ৰৱ নোহোৱা হৈ গৈছে৷ কিয়নো লঙৰ গোন্ধ মহে একেবাৰ সহ্য কৰিব নোৱাৰে লগতে নেমুৰ পৰা মহে দূৰত অৱস্থান লয়৷