কভিড ভেক্‌চিনৰ দ্বিতীয়টো ড’জ ল’লে প্ৰধানমন্ত্ৰীয়ে

0
1120

‘মই প্ৰধানমন্ত্ৰীক কৰ’নাৰ ভেক্‌চিনৰ প্ৰথমটো ড’জ দিছিলোঁ৷ আজি দ্বিতীয়তো ড’জ দিয়াৰ সুযোগ পালোঁ৷ মই অত্যন্ত সুখী৷ তেওঁ আমাৰ সৈতে কথা পাতিছিল আৰু আমি তেওঁৰ সৈতে ফটো তুলিছিলোঁ৷’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ৮ এপ্ৰিলত কৰ’নাৰ ভেক্‌চিনৰ দ্বিতীয়টো ড’জ লয়৷ দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত তেওঁ ৮ এপ্ৰিলৰ পুৱা ভেক্‌চিনৰ দ্বিতীয়টো ড’জ লয়৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আগতে যোৱা ১ মাৰ্চত ভেক্‌চিনৰ প্ৰথমটো ড’জ লৈছিল৷ ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীয়ে ভেক্‌চিন লোৱাৰ ফটো প্ৰকাশ কৰি আনসকলকো ভেক্‌চিন ল’বলৈ আৱেদন জনায়৷ তেওঁ কয়, ‘কৰ’নাক পৰাজিত কৰাৰ কেইটামান উপায়ৰ ভিতৰত টিকাকৰণো অন্যতম৷ সেয়েহে আপোনাৰ যদি ভেক্‌চিন লোৱাৰ যোগ্যতা আছে, তেন্তে তৎক্ষণাৎ ভেক্‌চিন লওক৷’ প্ৰধানমন্ত্ৰীক কৰ’নাৰ দ্বিতীয়টো ড’জ দিয়ে পঞ্জাবৰ ছিষ্টাৰ নেহা শৰ্মা আৰু পুডুচেৰীৰ ছিষ্টাৰ পি নিবেদাই৷ নেহাই কয়, ‘প্ৰধানমন্ত্ৰীয়ে আমাৰ সৈতে কথা পাতিছিল৷ ই মোৰ বাবে এক স্মৰণীয় মুহূৰ্ত৷ মই তেওঁৰ সৈতে কথা পতাৰ আৰু তেওঁক ভেক্‌চিন দিয়াৰ এটা সুযোগ পালোঁ৷’ আনহাতে নিবেদাই কয়, ‘মই প্ৰধানমন্ত্ৰীক কৰ’নাৰ ভেক্‌চিনৰ প্ৰথমটো ড’জ দিছিলোঁ৷ আজি দ্বিতীয়তো ড’জ দিয়াৰ সুযোগ পালোঁ৷ মই অত্যন্ত সুখী৷ তেওঁ আমাৰ সৈতে কথা পাতিছিল আৰু আমি তেওঁৰ সৈতে ফটো তুলিছিলোঁ৷’ ইফালে জেনেভাৰ পৰা পোৱা বাতৰি মতে, প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে দিয়া বাৰ্তাটোৰ বাবে তেওঁক বিশ্ব স্বাস্থ্য সংগঠনৰ মুৰব্বী টেড্ৰছ আধানোম গেব্ৰিয়েছাছে প্ৰশংসা কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে উক্ত বাৰ্তাটোত কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনাইছিল৷ প্ৰধানমন্ত্ৰীয়ে বাৰ্তাটোত জনসাধাৰণৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰিবলৈ নিজকে স্বাস্থ্যৱান কৰি ৰখাৰ আহ্বান জনাইছিল৷ টেড্ৰছে কয়, ‘নমস্কাৰ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী... আপুনি উল্লেখ কৰাৰ দৰে কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত আমাৰ প্ৰতিজনৰে ভূমিকা আছে আৰু আমি আমাৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়া উচিত৷ বিশ্ব স্বাস্থ্য সংগঠনৰ অভিনন্দন৷’

LEAVE A REPLY

Please enter your comment!
Please enter your name here