কভিডৰ প্ৰথম ড’জ প্ৰতিষেধক ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

0
879

মুখ্যমন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অসমে এই প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হোৱা বুলিও তেওঁ কয়৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৮ এপ্ৰিলত প্ৰথম ড’জ কভিড প্ৰতিষেধক গ্ৰহণ কৰি অসমৰ জনসাধাৰণকো এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত সহযোগ কৰিবলৈ আহবান জনায়৷ দেশৰ অন্য প্ৰান্তৰৰ লগতে অসমতো কভিড প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে৷ মুখ্যমন্ত্ৰী সোণোৱালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত প্ৰতিষেধকৰ প্ৰথমটো ড’জ গ্ৰহণ কৰে৷ প্ৰতিষেধক গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অসমে এই প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হোৱা বুলিও তেওঁ কয়৷ তেওঁ এই প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াত সকলো জনসাধাৰণকে সহযোগ কৰিবলৈ আহবান জনায়৷ আনহাতে অসমৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে চৰকাৰে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ সদৰী কৰে৷ অসমত কৰ’নাক লৈ জনসাধাৰণ যথেষ্ট সজাগ হোৱা বুলিও সদৰী কৰি মুখ্যমন্ত্ৰীজনে কয় যে অনাগত দিনতো স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলি সংক্ৰমণৰ পৰা সকলোকে সুৰক্ষিত হৈ থাকিবলৈ তেওঁ আহবান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here