এটা কণীৰ গুণ কিমান আপুনি জানেনে ?

0
2160

হিন্দীত এষাৰ খুব জনপ্ৰিয় বাক্য আছে– ‘ছানডে হো য়াঁ মানডে, ৰ’জ খাও আণ্ডে।’ সঁচাকৈয়ে, আমি সদায় এটাকৈ হ’লেও কণী আমাৰ খাদ্যতালিকাত ৰখাটো দৰকাৰ৷ কণী সৰু-ডাঙৰ সকলোৰে প্ৰিয়৷ ভাতৰ পাতত বহি একো এটা ব্যঞ্জন নহ’লেও কণীৰ অমলেট এটাৰেও ভাতসাঁজ তৃপ্তিৰে খাব পাৰি৷ কণী হ’ল এনে এবিধ প্ৰাকৃতিক উপাদান, য’ত প্ৰ’টিন, কাৰ্বহাইড্ৰেট, আইৰণ, জিংক, মিনাৰেল, ফেট, ভিটামিন আদি সকলোবোৰ উপাদান থাকে৷ কণীত ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-ডি, ভিটামিন-ই, বায়’টিন, কলিন আৰু ফটিক এচিড থাকে৷ ইয়াত থকা কলিনে গৰ্ভস্থ সন্তানৰ মগজু আৰু স্নায়ুশক্তি বৃদ্ধি কৰাত সহায় কৰে৷ ৰাতিপুৱা কণী খালে দেহৰ ওজন স্বাভাৱিক ৰখাত আৰু মেদবহুলতা প্ৰতিৰোধ কৰাত সহায় কৰে৷ গৱেষণাৰ পৰা পোৱা গৈছে যে সিজোৱা কণীয়ে শৰীৰত আইৰন প্ৰৱেশ কৰাৰ সময়ত লোহিত ৰক্তকণিকাৰ উপাদান বঢ়ায়৷ ফলত এনিমিয়াৰ দৰে ৰোগৰ নিৰাময় হোৱাত সহায় কৰে৷ কণীত লুৱেটিন আৰু জিয়াক্সেনথিন নামৰ দুটা এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে আল্ট্ৰাভায়’লেট ৰশ্মিৰ পৰা চকুযুৰিক ৰক্ষা কৰে৷ কণীত থকা এমিন’ এচিডে শৰীৰৰ সতেজতা বঢ়াই ৰখাত সহায় কৰে৷ কণীত পোৱা ছেলেনিয়ামে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে থাইৰড হৰম’নৰ ক্ষৰণ ঠিকমতে হোৱাত সহায় কৰে৷ কণীত থকা কেৱলিনে তেজ চলাচল সুচাৰুৰূপে ৰাখি ষ্ট্ৰ’ক হোৱাৰ পৰা বাধা দিয়ে৷ সৰ্বসাধাৰণলোকে সপ্তাহত ছটাকৈ কণী খোৱাটো ভাল৷ কিডনী ভালে থকা ডায়েবেটিছ ৰোগীয়ে সপ্তাহত পাঁচটা কণী খাব পাৰে৷ ৰুচি অনুসৰি মানুহে কণী সিজাই বা অমলেট কৰি খায় যদিও কণী তেল-পিঁয়াজেৰে ভজাৰ ফলত তাৰ গুণ হ্ৰাস পায়৷ গতিকে পিঁয়াজৰ সৈতে কণী খাব নালাগে৷ কেঁচা কণীত ছালমনেলা নামৰ এবিধ অনিষ্টকাৰী বেক্টেৰিয়া থাকে বাবে কেঁচা কণী খোৱাটো অনুচিত৷ ভিটামিন-ডিৰে পৰিপূৰ্ণ কণী নিয়মিত খালে হাড় আৰু দাঁতৰ সমস্যা নোহোৱা হয়৷ গৰ্ভৱতী মহিলাৰ ভ্ৰণৰ বিকাশত কণী অতি উপকাৰী৷ কণীৰ উপকাৰ যথেষ্ট যদিও অত্যধিক পৰিমাণে কণী খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ সেয়েহে আহক, এনে এবিধ ভিটামিন তথা পুষ্টিকৰ উপাদানেৰে ভৰপূৰ কণী সঠিক পৰিমাণে খাই শৰীৰ সুস্থ আৰু শক্তিশালী কৰি ৰাখো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here