একেৰাহে দুদিনপৰ্যন্ত গা নুধুলে কি হয়?

0
1526

প্ৰত্যেক মানুহে এহেজাৰ বেক্টেৰিয়া,পৰজীৱী প্ৰাণী আৰু ৪০ প্ৰকাৰৰ বিভিন্ন ফাংগেল ইনফেক্‌শ্যন কঢ়িয়াই লৈ ফুৰে, যি আমাৰ শৰীৰৰ কাৰণে উপযোগী নহয়৷

আমাৰ সকলোৰে ঠাণ্ডা দিনত কেতিয়াবা গা নোধোৱাৰ অভিজ্ঞতা আছে৷ কিছুমানতো এনেকুৱা মানুহো আছে, যিয়ে এসপ্তাহপৰ্যন্ত গা ধুবলৈ বাদ দি দিয়ে৷ ইয়াৰ উপৰি আজিকালি ব্যস্ত জীৱনশৈলীৰ বাবে ৰাতিপুৱা গা ধুবলৈও সময় নাথাকে৷ কিন্তু আমি জনা উচিত যে আমি যদি একেলেথাৰিয়ে গা নোধোৱাকৈ থাকোঁ, তেতিয়া আমাৰ শৰীৰৰ ভিতৰত কিছুমান নহ’বলগীয়া প্ৰক্ৰিয়া আৰম্ভ হয়৷প্ৰত্যেক মানুহে এহেজাৰ বেক্টেৰিয়া, পৰজীৱী প্ৰাণী আৰু ৪০ প্ৰকাৰৰ বিভিন্ন ফাংগেল ইনফেক্‌শ্যন কঢ়িয়াই লৈ ফুৰে, যি আমাৰ শৰীৰৰ কাৰণে উপযোগী নহয়৷

Men Bathing In The Bathroom Time Lapse High-Res Stock Video Footage - Getty Images

যেতিয়া আপুনি গা ধোৱে, তেতিয়া এই বীজাণুসমূহক সহজে শৰীৰৰ পৰা আঁতৰাব পাৰি৷ কিন্তু যদি আপুনি এদিনো গা ধুবলৈ বাদ দিয়ে, তেন্তে এই বীজাণুসমূহে আপোনাৰ শৰীৰত প্ৰৱেশ কৰি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ যদিও দুদিন গা নুধুলে আপুনি লগে লগে বেমাৰত নপৰে, তথাপি লাহে লাহে ই আপোনাক ভিতৰৰ পৰা আক্ৰমণ কৰি দীৰ্ঘদিনৰ বাবে অসুস্থ কৰিব পাৰে৷ এই ফাংগেল ইনফেক্‌শ্যনসমূহ নাক, মুখ, চকু আদিৰে আপোনাৰ শৰীৰত প্ৰৱেশ কৰে৷ ই যে আপোনাক অকল অসুস্থ কৰে তেনে নহয়৷ ইয়াৰ লগতে ৩০ প্ৰকাৰৰ বেয়া দুৰ্গন্ধ আপোনাৰ শৰীৰৰ পৰা নিষ্কাশন কৰাটো অৰিহণা যোগাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here