এটা-দুটা নহয়, একে সময়তে একেলগে ছটা সন্তানৰ জন্ম দিলে পাকিস্তানী এগৰাকী মহিলাই৷ ডনৰ এক প্ৰতিবেদন অনুয়াযী বিগত ১৯ এপ্ৰিলত চাৰি পুত্ৰ আৰু দুগৰাকী কন্যা সন্তানৰ জন্ম দিছে জিনাত ৱাহিদ নামৰ মহিলাগৰাকীয়ে৷ উল্লেখ্য যে এঘণ্টাৰ ভিতৰতে ছটা সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে৷ এইদৰে পুত্ৰ আৰু কন্যা সন্তানকে ধৰি ছটা সন্তান একেলগে পাই এতিয়া আত্মহাৰা হৈ পৰিছে মহিলাগৰাকীয়ে৷ ডনৰ প্ৰতিবেদন অনুসৰি ১৯ এপ্ৰিলৰ নিশা প্ৰসৱ বেদনা হোৱাত ৱাহিদক হস্পিটেলত ভৰ্তি কৰোৱা হয় আৰু তাৰ পাছতে উক্ত সন্তানকেইটা জন্ম দিয়ে৷ চিকিৎসকে জনোৱা মতে সদ্যোজাতকেইটাক ইনকিউবিটৰত ৰখা হৈছে৷ হস্পিটেলকৰ্তৃপক্ষই লগতে জনোৱা মতে একেলগে এইদৰে সন্তান জন্ম দিয়াৰ ঘটনা খুবেই বিৰল৷ ৪৫ লাখ মহিলাৰ মাজত এজনৰ ক্ষেত্ৰতে এনে ঘটনা হয় বুলি সদৰী কৰিলে চিকিৎসকে৷ আনহাতে হস্পিটেল কৰ্তৃপক্ষই লগতে জনায় যে সদ্যোজাতকেইটা ইনকিউবিটৰ ৰাখিলেও প্ৰত্যেকেই সুস্থ অৱস্থাত আছে৷ অৱশ্যে অস্ত্ৰোপচাৰৰ সময়ত বেছ জটিলতাই দেখা দিছিল যদিও সকলো পৰিস্থিতি চম্ভালি লোৱা হয় বুলিও জনায় চিকিৎসকে৷ বৰ্তমান মাতৃগৰাকীৰ সৈতে সন্তানকেইটি সুস্থ অৱস্থাতে আছে তাকো জনায় হস্পিটেল কৰ্তৃপক্ষই৷