ইমিউনিটি বৃদ্ধি কৰিবলৈ কি কি জুচ খাব? What juices to have to enhance Immunity?

0
779

Immunity system অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা হৈছে যিয়ে আমাৰ শৰীৰটোক বিভিন্ন ধৰণৰ বেমাৰ, বীজাণু, বা ভাইৰাছৰ লগত মোকাবিলা কৰিবলৈ শক্তিৰ যোগান ধৰে। যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম, তেনেলোকক বেমাৰে অতি সহজে আক্ৰমণ কৰিব পাৰে। সেয়েহে আমাৰ শৰীৰটোৰ Immunity ধৰি ৰাখিবলৈ ভিটামিন, প্ৰটিন, জিংক আদি উপাদানেৰে ভৰপূৰ খাদ্য গ্ৰহণ কৰিব লাগে। আজি আমি কথা পাতিম কিছুমান ইমিউনিটি বৰ্ধক পানীয় বা জুচৰ বিষয়ে, যিয়ে বিশেষকৈ গৰমৰ দিনকেইটাত আপোনাক হাইড্ৰেট হৈ থকাত সহায় কৰিব পাৰে।


১/আমৰ জুচ- আমৰ জুচ তৈয়াৰ কৰিবলৈ আম সৰু সৰু পিচ কৰি তাত অলপ পানী দিব। তাৰ পাছতে তাত কেইটামান পদিনাৰ পাত দি ভালকৈ মিক্সিত ব্লেণ্ড কৰি ল’ব। ই Immunity বৃদ্ধি কৰাৰ লগতে ৰক্তহিনতা দূৰ কৰে। উজ্জ্বল ছালৰ বাবেও খুবেই উপকাৰী।

Mango Smoothie with Mint | The Leaf Nutrisystem Blog


২/ তৰমুজৰ জুছ – তৰমুজৰ জুছ তৈয়াৰ কৰিবলৈ তৰ্মুজৰ সৰু সৰু পিচ কৰি তাত কেইটামান পদিনা পাত আৰু জালুকৰ গুৰি দি ভালকৈ মিক্সিত ব্লেণ্ড কৰি ল’ব। ই আপোনাক হাইড্ৰেট কৰি ৰখাৰ লগতে ডায়েবেটিছ আৰু কেঞ্চাৰ ৰোগৰ সম্ভাৱনাও কম কৰে।

Watermelon juice with mint and lime | My Weekend Kitchen


৩/আনাৰসৰ জুছ-আনাৰসৰ জুছ তৈয়াৰ কৰিবলৈ আনাৰস সৰু সৰু পিচ কৰি তাত এচামুচ মৌ আৰু জালুকৰ গুৰি দি মিক্সিত ভালকৈ ব্লেণ্ড কৰি ল’ব। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু antioxidant পোৱা যায়। ইমিউনিতি বৃদ্ধি কৰাৰ লগতে ই শৰীৰটোক detoxify কৰাটো সহায় কৰে।

Refreshing Homemade Pineapple Juice - My Diaspora Kitchen


৪/নেমুৰ চৰবত-নেমুৰ চৰবত তৈয়াৰ কৰিবলৈ সকলোৱে জানে। কিন্তু তাত আৰু কেইটামান সামগ্ৰী লগ লগালে ই অধিক উপকাৰী হৈ পৰে। ইয়াৰ বাবে নেমু ৰসৰ লগত দুটামান পদিনাৰ পাত, জালুকৰ গুৰি আৰু নিমখ মিশ্ৰণ কৰি ভালকৈ মিক্সিত ব্লেন্দ কৰি লব। এতিয়া এটা গিলাচত ২ চামুচ তুকমাৰ শাহ দি তাত নেমু পানীৰ মিশ্ৰণ খিনি মিহলাই খাব লাগে।

Lemon Juice With Sabja Seeds || How To Make Lemon Juice With Sabja Seeds || Wirally Food - YouTube


৫/কমলাৰ জুছ – কমলাৰ ৰসৰ লগত নাৰিকলৰ পানী মিশ্ৰণ কৰি খালেও ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত যথেষ্ট খিনি সহায় কৰে

Healthy Orange and Coconut Juice | Mummy's Yum

LEAVE A REPLY

Please enter your comment!
Please enter your name here