ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অভূতপূৰ্ব উন্নয়ন আৰু সাফল্যৰ পাছত শেহতীয়াকৈ প্ৰকাশিত এক তথ্যই সকলোকে ভবাই তুলিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য সমীক্ষা-৫ ত প্ৰকাশ পোৱা তথ্য মতে ৰাজ্যত ৬৮ শতাংশ শিশুৱে ৰক্তহীনতাৰ চিকাৰ হয়৷ প্ৰকাশিত তথ্য মতে ৬ মাহৰ পৰা ৫৯ মহীয়া শিশুৰ মাজত পূৰ্বতকৈ ৰক্তহীনতাৰ প্ৰৱণতা অধিক৷ অৰ্থাৎ বৰ্তমান সময়ত ৰাজ্যৰ দুই তৃতীয়াংশ শিশুৱে ৰক্তহীনতাৰ বলি হৈছে৷ আনহাতে সমীক্ষা মতে অসমত ৬৬ শতাংশ মহিলাই ৰক্তহীনতাত ভোগে৷ ইয়াৰ পূৰ্বে ৰক্তহীনতাত ভোগা মহিলাৰ হাৰ আছিল ৪৬ শতাংশ৷ এইবাৰ ৰক্তহীনতাত ভোগা মহিলাৰ সংখ্যা ২০ শতাংশ বাঢ়িছে৷ উক্ত সমীক্ষাটোত বৰ্তমানো অসমত যক্ষ্মা ৰোগ উদ্বেগৰ কাৰণ বুলি প্ৰকাশ পাইছে৷ কোৱা হৈছে যে অসমত প্ৰতি এক লাখৰ ভিতৰত ২৯৮ জন লোক যক্ষ্মা ৰোগত আক্ৰান্ত হয়৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ অনুসৰি অসমৰ এক লাখ জনসংখ্যাৰ ভিতৰত ১২২ গৰাকী মহিলা আৰু ১০০ জন পুৰুষ কেঞ্চাৰ ৰোগত আক্ৰান্ত হয়৷ ইয়াৰ উপৰি ২০৬০ গৰাকী মহিলা আৰু ১৫৮৭ জন পুৰুষে ডায়েবেটিছৰ চিকাৰ হয়৷ হাইপাৰটেনশ্যনত আক্ৰান্ত হয় ১২ শতাংশ মহিলা আৰু ১৫ শতাংশ পুৰুষ৷ ৫৪ শতাংশ পুৰুষ আৰু ১৩ শতাংশ মহিলাই ধঁপাত সেৱন কৰে৷ আনহাতে প্ৰতি এহেজাৰ নৱজাতকৰ ভিতৰত ৩২ টিয়ে মৃত্যুক সাবটিবলগীয়া হয় অসমত৷ ৩৭ শতাংশ মহিলাই ঘৰুৱা হিংসা বা আন বিভিন্ন নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হয় বুলিও সমীক্ষাটোত প্ৰকাশ পাইছে৷ এনে এক উদ্বেগজনক খবৰে ৰাজ্যবাসীক আশাহত কৰিছে৷