আমাৰ কিছুমান লোকৰ টোপনি মাৰি থকাৰ মাজতে কথা কোৱাৰ অভ্যাস আছে৷ তেনে লোকৰ ওচৰত আপুনি শুলে ভাবিব যে মানুহজনে হয়তো কাৰোবাৰ লগত কথা পাতি আছে৷ কিন্তু আপুনি যদি ভালকৈ লক্ষ্য কৰে, তেনেহ’লে দেখিব যে মানুহজন টোপনিত ঘোৰ নিদ্ৰাত লালকাল৷ ভাবিলে আচৰিত লাগে নহয়নে? আপুনিও নিশ্চয় এনে সমস্যাৰ সন্মুখীন হৈছে যে শোৱাৰ সময়তো মানুহে কিবা কথা পাতি থাকে৷ আপাত দৃষ্টিত এইটো ডাঙৰ সমস্যা নহয় যদিও এই কুঅভ্যাসৰ মাজত লুকাই থাকে নানা ধৰণৰ বিপদৰ আশংকা ৷ অথবা ওচৰত শোৱা মানুহজনেও ভুগিব পাৰে নিদ্ৰাহীনতাৰ দৰে সমস্যাত৷ জানো আহক ইয়াৰ আঁৰৰ কাৰণসমূহ৷
(১) যদি কোনো ব্যক্তি দীৰ্ঘসময় শাৰীৰিক অসুস্থতাত ভুগি আছে, তেন্তে অসুস্থতা হেতু তেনে ব্যক্তিৰ টোপনিৰ মাজতে কথা কোৱাৰ অভ্যাস থাকিব পাৰে৷
(২) কিছুমানে যদি কোনো কাৰণত যথেষ্ট মানসিক চাপত আছে, তেনে লোকৰ ক্ষেত্ৰতো টোপনিত কথা কোৱাৰ প্ৰৱণতা থাকিব পাৰে৷
(৩) কেতিয়াবা দেখা যায় যে বিভিন্ন কাৰণত আপুনি যিমান সময় শুব লাগে, সিমান সময় শুব পৰা নাই৷ তেনে ক্ষেত্ৰতো কেতিয়াবা টোপনিতে কথা কৈ থকাৰ দৰে সমস্যা হ’ব পাৰে৷
কেনেকৈ আঁতৰাব এই কু-অভ্যাস–
আমি নিয়মমাফিক জীৱন-যাপন কৰিলে কিছু পৰিমাণে এই অভ্যাস কমাব পৰা যায়৷
(১) প্ৰতিদিনে এটা নিৰ্দিষ্ট সময়ত বিছনা যোৱাৰ অভ্যাস গঢ় দিব লাগিব৷ ঠিক একেদৰে শোৱাৰ পৰা উঠাৰো এটা সময় বান্ধি ল’ব৷
(২) এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক সাতৰ পৰা আঠ ঘণ্টা শোৱা দৰকাৰ৷ এই সময়খিনি পৰ্যাপ্ত পৰিমাণে শুলে লাহে লাহে এনেবোৰ কুঅভ্যাস নাইকিয়া হ’ব৷
(৩) ৰাতি শোৱাৰ সময়ত অত্যধিক পৰিমাণে ভোজন নকৰিব৷ অত্যধিক খোৱাৰ ফলতো এই সমস্যাই দেখা দিব পাৰে৷
(8) বহুতেই শোৱাৰ সময়ত কফি বা চাহ খায়৷ এইবোৰ কুঅভ্যাসে আপোনাৰ টোপনিত ব্যাঘাত জন্মায়৷ ফলত টোপনি সম্পূৰ্ণ নহয়৷
(৫) ৰাতি শোৱাৰ সময়ত ম’বাইল চোৱা, টিভি চোৱাৰ ফলত বহু দেৰিলৈ টোপনি নধৰে৷ ইয়ো টোপনি ক্ষতিৰ এক অন্যতম কাৰণ হ’ব পাৰে৷
(৬) পুৱা শুই উঠিয়েই কিছু সময়ৰ বাবে শৰীৰচৰ্চা কৰাটো অত্যন্ত জৰুৰী৷