এই বিশ্বব্ৰহ্মাণ্ডত আমাৰ অলক্ষিতে বহু অজানা কথা আছে, যিবোৰ কথা আমি হয়তো কেতিয়াও শুনা নাই অথবা আমি সেইবোৰৰ বিষয়ে অজ্ঞ৷ এই পৃথিৱীত এনে কিছুমান কথা আছে, যিবোৰ শুনিলে বিশ্বাস কৰাই কঠিন হৈ পৰে৷ অথবা এনে ঠাই আছে, যাৰ অৱস্থিতি , আচাৰ, নীতিৰ বিষয়ে আমাৰ জ্ঞান নাই৷ সেই অঞ্চল বা ঠাইবোৰৰ আইন, ৰীতি-নীতি, জীৱনশৈলী আমি নাজানো আৰু জানিলেও আমি অবাক হৈ পৰোঁ৷ জানেনে এই পৃথিৱীতে এনে এটা দ্বীপ আছে, য’ত মানুহৰ জন্ম আৰু মৃত্যু বেআইনী৷ আনহাতে ইয়াত গৰ্ভধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ নিষিদ্ধ৷ কথাটো শুনিবলৈ অদ্ভুত যদিও সেইটোৱে চিৰসত্য৷ মানুহে হওক বা অন্য জীৱই হওক, জন্ম আৰু মৃত্যু দুয়োটাই স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু এই স্বাভাৱিক প্ৰক্ৰিয়াটোকে এই ঠাইত সম্পূৰ্ণ নিষেধাজ্ঞা আছে৷ ইয়াৰ লগতে মানুহৰ জন্ম আৰু মৃত্যু ঘটনাৰ ক্ষেত্ৰতো বেআইনী বুলি ইয়াত কোৱা হয়৷ স্বৰ্গৰ লেখীয়া অইত সুন্দৰ এই ঠাইত আৰু অদ্ভুত কিছু নিয়ম আছে৷ এই ঠাইত কোনো মহিলা গৰ্ভৱতী হ’লে প্ৰসৱৰ আগে আগে ই ঠাই পৰিত্যাগ কৰিবলৈ দিয়া হয়৷ এই অবিশ্বাস্য নিয়মৰ কাৰণ জানিলে আপুনি চমকি উঠিব৷ ছেলভাৰ্ড এটা নৰৱেডিয়ান দ্বীপ, যি আৰ্কটিক মহাসাগৰৰ এলেকাৰ অন্তৰ্ভুক্ত৷ এই দ্বীপত মানুহৰ জন্ম আৰু মৃত্যু দুয়োটাই বেআইনী বুলি গণ্য কৰা হয়৷ চেলভাৰ্ড দ্বীপত জন্ম আৰু মৃত্যু দুয়োটাই নিষিদ্ধ কৰাৰ প্ৰধান কাৰণটো হ’ল ইয়াৰ প্ৰকৃতি৷ আচলতে এই অঞ্চল অত্যন্ত ঠাণ্ডা৷ ইয়াত কোনো লোকৰ মৃত্যু হ’লে মৃতদেহ পচি বা উৱলি নাযায়৷ যাৰ বাবে মৃতদেহ সৎকাৰ কৰিব নোৱাৰি দ’ম বান্ধে আৰু ইয়াৰ সংখ্যা বাঢ়ি গৈ পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিবলৈ ধৰে৷ আনহাতে এলকহল সেৱনৰ ক্ষেত্ৰতো এই অঞ্চলত নিষেধাজ্ঞা জাৰি কৰা আছে৷ ইয়াৰ পৰিৱেশতন্ত্ৰক নিৰাপদ ৰাখিবলৈ এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ইয়াৰ উপৰি ড্ৰন আৰু স্নোমোবাইল চলোৱাৰ ক্ষেত্ৰতে ইয়াৰ সম্পূৰ্ণ বাৰণ কৰা হৈছে৷ এই অঞ্চলত মেকুৰীক বাস কৰিবলৈ নিদিয়ে, কিয়নো ইয়াৰ পৰা সংক্ৰমণ হৈ পৰিৱশে দূষিত হ’ব পাৰে৷ সেয়ে এই অঞ্চল দেখিবলৈ অতি সুন্দৰ৷