অসমৰ ক’লা চাউলে দেশ-বিদেশৰ বজাৰত তুলিছে খলকনি

0
563
সুদীৰ্ঘ ১১ বছৰ একাংশ বিজ্ঞানীয়ে চলোৱা নিৰৱচ্ছিন্ন গৱেষণাৰ অন্তত নতুন গুণাগুণেৰে সমৃদ্ধ হৈ ৩৫ হাজাৰ কোটি টকাৰ বজাৰ দখল কৰিছে ক’লা চাউলে৷ তিতাবৰৰ ধান গৱেষণা কেন্দ্ৰই আৱিষ্কাৰ কৰি উলিওৱা এই নতুন চাউলবিধে দেশ-বিদেশৰ বজাৰত খলকনি সৃষ্টি কৰাই নহয়, ৰাজ্যৰ কৃষি অৰ্থনীতিতো এক ঐতিহাসিক মাত্ৰা দিবলৈ সক্ষম হ’ব৷ তিতাবৰৰ ধান গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী সঞ্জয় কুমাৰ চেতিয়াই কয় যে বৰ্তমান ৰাজ্যত যি ক’লা ধান উৎপাদন হৈ আছিল, সেই ধানৰ প্ৰচুৰ চাহিদা আছিল আন্তঃৰাষ্ট্ৰীয় বজাৰত৷ কিন্তু চাউলবিধৰ কম উৎপাদন ক্ষমতা, অধিক আঠাযুক্ততা, সিজাবলৈ বহু বেছি সময়ৰ প্ৰয়োজন হোৱা আদি কেইবাটাও গুৰুতৰ আসোঁৱাহৰ বাবে চাউলবিধে চাহিদা অনুসৰি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰয়োজন পূৰণ কৰিব পৰা নাছিল৷ সেয়েহে তিতাবৰ ধান গৱেষণা কেন্দ্ৰই ক’লা চাউলৰ বৰ্তমান থকা আসোঁৱাহসমূহ দূৰ কৰি এক উন্নত প্ৰজাতিৰ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ উপযোগী এক অত্যাধুনিক-উৎপাদনক্ষম প্ৰজাতি সৃষ্টি কৰিবলৈ ২০১০ চনৰ পৰাই গৱেষণা চলাই আছিল৷ অৱশেষত এই গৱেষণা সফল হৈছে আৰু বিজ্ঞানীসকলে আৱিষ্কাৰ কৰি উলিয়াইছে অধিক উৎপাদনক্ষম, কম আঠাযুক্ত, সোনকালে সিজা আৰু পলিছ কৰিলেও চাউলৰ পৰা ক’লা ৰঙটো শেষ হৈ নোযোৱা এক অত্যাধুনিক প্ৰজাতিৰ ক’লা চাউল৷ সঞ্জয় কুমাৰ চেতিয়াই জানিবলৈ দিছে যে ইতিমধ্যে এইবিধ নতুন ক’লা চাউলৰ খেতি আৰম্ভ হৈছে আৰু চলিত বৰ্ষতে এমাজন, ফ্লিপকাৰ্ট আদিৰ দৰে ই-কমাৰ্চ ছাইটত এই চাউলবিধ বাণিজ্যিকভাৱে উপলব্ধ হ’ব৷ উল্লেখ্য যে বিদেশত অসমৰ জহা চাউলৰ বজাৰখন হ’ল প্ৰায় ৩০ হাজাৰ কোটিৰ আৰু আন চাউল বিশেষকৈ ক’লা চাউলৰ দৰে প্ৰজাতিৰ চাউলৰ বজাৰখন হ’ল ৩৫ হাজাৰ কোটি টকাৰ৷ ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীয়ে জানিবলৈ দিয়া মতে, আগৰ প্ৰজাতিটোৰ ক’লা ধান প্ৰতি হেক্টৰ মাটিত মাত্ৰ ১.8 টন উৎপাদন হৈছে৷ কিন্তু এতিয়া উদ্ভাৱন কৰি উলিওৱা নতুন প্ৰজাতিটোৰ উৎপাদন হ’ব প্ৰতি হেক্টৰত অতি কমেও ৩.৫ টন৷ এই বছৰত নতুন ক’লা চাউল কৃষি বিভাগৰ সফলতাৰ অন্যতম প্ৰধান মাইলষ্ট’ন হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here