অমিতা স্বাস্থ্যৰ বাবেকিমান উপকাৰী জানেনে?

0
213


কেঁচাই হওক বা পকা অমিতা খাবলৈ সকলোৱে পচন্দ কৰে৷ ইয়াৰ স্বাদো সুস্বাদু৷ অতি সহজে পোৱা এইবিধ ফল নিৰোগী বুলি গণ্য কৰা হয়৷ ভাজি, তৰকাৰী অথবা দাইলৰ সিদ্ধ কৰি বিভিন্ন প্ৰকাৰে ইয়াক খোৱা হয়৷ আনহাতে পকা অমিতা খাবলৈ অতি সুমিষ্ট৷ অমিতা স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ অমিতাত ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে পোৱা যায়৷ ই শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে৷ অমিতাত এনেকুৱা কিছুমান যৌগ পোৱা যায় যিবিলাকে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ ইয়াৰ লগতে হৃৎপিণ্ডৰ বাবেও যথেষ্ট উপকাৰী৷ হেল্‌থ লাইনত প্ৰকাশ পোৱা এখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি প্ৰায় ডেৰশ গ্ৰাম অমিতাত ৫৯ কেলৰি, ১৫ গ্ৰাম কাৰ্বহাইড্ৰেট, ৩ গ্ৰাম ফাইবাৰ আৰু ১ গ্ৰাম প্ৰ’টিন থাকে৷ ইয়াৰ লগতে ভিটামিন-চি, ভিটামিন-এ ফলেট আৰু পটাছিয়াম যথেষ্ট পৰিমাণে থাকে৷ গৱেষকসকলে কৰা অধ্যয়নৰ পৰা জানিব পৰা মতে, অমিতাত থকা লাইকোপিন আৰু ভিটামিন-চিয়ে হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ অমিতাত থকা এণ্টি-অক্সিডেণ্টে শৰীৰত গুড কলেষ্টেৰল বৃদ্ধি কৰাত সহায় কৰে৷ ইয়াৰ লগতে অমিতাত থকা লাইকোপিনে কেঞ্চাৰৰ আশংকাও হ্ৰাস কৰে৷ কেঞ্চাৰৰ চিকিৎসা কৰি থকাসকলৰ বাবেও অমিতা লাভদায়ক বুলি কোৱা হৈছে৷ ইয়াৰ লগতে অমিতাত থকা পাপেইনে প্ৰ’টিন হজম কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here