নানাধৰণৰ সমস্যাৰ পৰা টেনশ্যন বা মানসিক চাপ হ’ব পাৰে৷ বহুতৰে ক্ষেত্ৰতে দেখা যায় যে টেনশ্যন অধিক হ’লে ঘনে ঘনে পায়খানা কৰাৰ প্ৰৱণতা বাঢ়ি যায়৷ মানসিক চাপত ভুগি থকা অৱস্থাত সঘনাই পায়খানালৈ অহা-যোৱা কৰাৰ সমস্যাৰ সৃষ্টি হয়৷ এইক্ষেত্ৰত আচৰিত হ’বলগীয়া একো নাই যদিও অত্যধিক মানসিক চাপৰ ফলত মানুহৰ এনেকুৱা অৱস্থাৰ সন্মুখীন হ’ব পাৰে৷ এই ৰোগবিধক আই বি এছ বোলে৷ পায়খানা বা শৌচ কৰাটো এটা সাধাৰণ বিষয়৷ খাদ্য হিচাপে গ্ৰহণ কৰা সামগ্ৰীবোৰৰ প্ৰয়োজনীয় উপাদানবোৰ শৰীৰে গ্ৰহণ কৰি অপ্ৰয়োজনীয়খিনি মল বা শৌচ আকাৰে শৰীৰৰ পৰা বাহিৰ হয়৷ এবাৰ বা দুবাৰ শৌচ হোৱাটোত একো আচৰিত হ’বলগীয়া নহয়৷ এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু বহুতো ক্ষেত্ৰত দেখা যায় যে এজন মানুহ যেতিয়া অত্যধিক মানসিক চাপত থাকে, সঘনাই লেট্ৰিনলৈ অহা-যোৱা কৰে৷ জানিলে আচৰিত হ’ব যে ইয়াৰ পাছত থাকিব পাৰে ডাঙৰ কাৰণ৷ সেয়েহে এই বিষয়ে জনাটো আৱশ্যক৷
শৰীৰৰ এনে অস্বাভাৱিকতাৰ ইৰিটেবল বাওৱাল ছিণ্ড্ৰম বোলে৷ এই ক্ষেত্ৰত মস্তিষ্কৰ সৈতে এই ৰোগৰ এটা যোগসূত্ৰ ঘটে৷ আমাৰ দুশ্চিন্তা, মানসিক চাপ আদি হ’লে শৰীৰে কিছুমান ৰায়াসনিক নিৰ্গত কৰে৷ এই ৰাসায়নিকৰ নাম হ’ল নিউৰোট্ৰান্সমিটাৰ৷ আই বি এছ ৰোগত আক্ৰান্ত লোকৰ বৃহদন্ত্ৰ খুব সংবেদনশীল হৈ থাকে৷ যেতিয়া মানুহে অত্যধিক মানুসিক চাপত থাকে, তেতিয়া বৃহদন্ত্ৰলৈ সংকেত গৈ থাকে আৰু সঘনাই পায়খানাৰ ভাব আহি থাকে৷ ফলস্বৰূপে মানুসিক চাপত ভোগা মানুহজনে গম নোপোৱাকৈয়ে পায়খানালৈ অহা-যোৱা কৰি থাকে