ৰূপচৰ্চাত চেনিৰ প্ৰয়োজনীয়তা কিমান?

0
1740

আজিকালি প্ৰায়ভাগ মানুহে চেনি খোৱা কমাই দিয়া দেখা যায়৷ অত্যধিক চেনি সেৱনৰ ফলত দেহত ডায়েবেটিছকে ধৰি নানাবিধ বেমাৰে আমাৰ দেহত থিতাপি লয়৷ শৰীৰচৰ্চাৰ ক্ষেত্ৰত চেনিৰ নিচিনা ভয়াৱহ আৰু একো নাই৷ সেয়ে নিয়ন্ত্ৰিত ডায়েটৰ কথা ক’লে প্ৰথমে অধিক পৰিমাণে চেনি খোৱা বাদ দিবই লাগিব৷ কিন্তু আচৰিত কথাটো হ’ল চেনি ৰূপচৰ্চাত বহুলভাৱে ব্যৱহৃত হোৱা দেখা যায়৷ চেনিৰ কিছুমান গুণৰ বাবে ৰূপচৰ্চাত অত্যাৱশ্যকীয়ভাৱে প্ৰয়োজন হয়৷ ওঁঠৰ পৰা আৰম্ভ কৰি ছালখনলৈকে চেনি ব্যৱহাৰ কৰা হয়৷ কি কাৰণে ৰূপচৰ্চাত চেনিৰ প্ৰয়োজন হয় জানো আহক–

(১) মসৃণ গুলপীয়া ওঁঠ পাবলৈ চেনি খুবেই দৰকাৰী৷ মৌ আৰু চেনিৰ মিশ্ৰণ কৰি ওঁঠত লগালে ওঁঠ মসৃণ হয়৷
(২) নেমুৰ ৰস, ভেছলিনৰ সৈতে চেনি মিহলাই ওঁঠত লগালে ওঁঠ ফটা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷
(৩) সপ্তাহত কমেও দুদিন এলিভ অইল, নেমুৰ ৰস আৰু চেনিৰ মিশ্ৰণ কৰি ছালত লগালে ছালৰ মসৃণতা বৃদ্ধি হোৱাৰ লগতে ছাল উজ্জ্বল হয় ৷
(৪) স্ক্ৰাবিঙৰ কাৰণে চেনি খুব উপকাৰী৷ অলিভ অইল আৰু চেনিৰ মিশ্ৰণ কৰি ম্যাচাজ কৰি পাছত ধুই দিব লাগে৷ এনে কৰিলে ছালখন উজ্জ্বল হয়৷
(৫) শীতকালত ছালখন শুকান আৰু ৰুক্ষ হৈ পৰে৷ এই সময়ত পকা কলৰ লগত চেনি মিহলাই গোটেই শৰীৰটো ম্যাচাজ কৰি, পাছত পানীৰে ধুই দিব লাগে৷ এনে কৰিলে ছালখনৰ যথেষ্ট উপকাৰ পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here