ৰুটী নে ব্ৰাউন ব্ৰেড : কোনবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী ? Which is good for health : bread or brown bread?

0
540
আধুনিক ডায়েটত গুৰুত্বপূৰ্ণ ঠাই দখল কৰিছে ব্ৰাউন ব্ৰেডে৷ যিসকলে ডায়েটিং কৰে, তেওঁলোকৰ বহুতেই লাঞ্চ বা ডীনাৰত ব্ৰাউন ব্ৰেড ব্যৱহাৰ কৰে৷ কম কেলৰিযুক্ত ব্ৰাউন ব্ৰেড স্বাস্থ্য সচেতন লোকে খায়৷ কিন্তু কথাটো হ’ল আটাৰ ৰুটীৰ সমানে ব্ৰাউন ব্ৰেডৰ আছেনে কাৰ্যকৰী গুণ৷ কোনবিধ স্বাস্থ্যৰ পক্ষে বেছি উপকাৰী– সেইটো নিশ্চয় জানিবলগীয়া কথা৷

প্ৰথমে মন কৰা দৰকাৰ যে ৰুটী প্ৰস্তুত কৰা হয় গমৰ আটাৰ দ্বাৰা৷ গমত ফাইবাৰ যথেষ্ট পৰিমাণে পোৱা যায়৷ অন্যহাতে ব্ৰাউন ব্ৰেড প্ৰস্তুত কৰোঁতে ময়দা ব্যৱহাৰ কৰা হয়৷ সেয়েহে ৰুটীৰ তুলনাত ব্ৰাউন ব্ৰেড পুষ্টিৰ ক্ষেত্ৰত কিছু হ’লেও পিছপৰি আছে৷
ফাৰ্মাণ্টেশ্যন, প্ৰছেছিং বা প্ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়া ৰুটী তৈয়াৰ কৰোঁতে নাথাকে৷ বৰঞ্চ আটা বেলি, সেকি বা ভাজি তৈয়াৰ কৰাৰ ফলত ইয়াৰ পুষ্টিমূল্য অটুট থাকে৷ কিন্তু ফাৰ্মাণ্টেশ্যন, প্ৰছেছিং বা প্ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়াৰ অবিহনে পাউৰুটী তৈয়াৰ কৰিব নোৱাৰে৷ ব্ৰাউন ব্ৰেডো ইয়াৰ ব্যতিক্ৰম নহয়৷ ফলত পুষ্টিগুণ হ্ৰাস পায়৷

Weight loss करने के लिए क्या खायें ? रोटी या brown bread ? - YouTube


ৰুটীত ফাইবাৰ, কাৰ্বহাইড্ৰেট, ছলুবল ফাইবাৰ আৰু প্ৰ’টিন থাকে৷ ৰুটীত থকা ফাইবাৰে আমাৰ শৰীৰৰ কৰ্মশক্তি বৃদ্ধি কৰে৷ ৰক্ত সংবহন প্ৰক্ৰিয়া ঠিক ৰাখে৷ আনহাতে ৰুটী খালে ব্ৰাউন ব্ৰেডৰ তুলনাত পেট বেছি ভৰ্তি থাকে৷ ফলত অলপতে ভোক নালাগে৷
আনহাতে পাউৰুটীত ব্যৱহাৰ কৰা ইষ্ট সকলোৰে পৰিপাক প্ৰক্ৰিয়াত সহায়ক নহ’বও পাৰে৷
আটাত থকা ছলুবল ফাইবাৰে খাদ্য হজম কৰাত সহায় কৰে আৰু খাদ্য সহজে দ্ৰৱীভূত হৈ যায়৷ কিন্তু পাউৰুটী সহজে হজম নহয়৷
তদুপৰি দোকানত প্ৰস্তুত কৰা ব্ৰাউন ব্ৰেডত বিভিন্ন ৰং সংমিশ্ৰণ কৰা হয়৷ এই ৰংবোৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ ৰুটী প্ৰস্তুত কৰোঁতে কোনোধৰণৰ ৰং দিয়া নহয়৷ সেয়ে শৰীৰৰ ক্ষতিৰ সম্ভাৱনাও নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here