ৰাষ্ট্ৰসংঘৰ তথ্য ঃ ভাৰতৰ ভূগৰ্ভস্থজলস্তৰ অচিৰেই শুকাই যাব

0
365


প্ৰকৃতিৰ ওপৰত হোৱা বিভিন্ন কাৰকৰ বাবে ভূগৰ্ভস্থ পানী শুকাই যাবলৈ ধৰিছে৷ প্ৰতিবছৰে ভূগৰ্ভত থকা পানীভাগ ক্ৰমে শুকাই গৈ আছে৷ যাৰ ফলত সমগ্ৰ পৃথিৱীৰ বিভিন্ন ঠাইত পানীত নাটনি হৈ হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ভাৰতবৰ্ষৰো বিভিন্ন অঞ্চলত খোৱাপানীকে ধৰি খেতিৰ বাবে প্ৰয়োজনীয় পানীৰ অভাৱত খেতিয়কে মূৰে কপালে হাত দিয়াৰ উপক্ৰম হৈছে৷ জলবায়ু পৰিৰ্তনৰ ফলত দেশত বছৰি বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা, অনাবৃষ্টি, খৰাংসদৃশ পৰিস্থিতি তথা বছৰি গড় হিচাপত উষ্ণতা বৃদ্ধিয়ে মানুহৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি আনিছে৷ শেহতীয়াভাৱে ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনে ভাৰতবৰ্ষৰ নাগৰিকক চিন্তান্বিত কৰিছে৷ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন মতে অহা দুবছৰৰ ভিতৰত ভাৰতৰ বহু অঞ্চলত ভূগৰ্ভস্থ জলস্তৰ হ্ৰাস পাই শুকাই যাব৷ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু মানৱ সুৰক্ষা প্ৰতিষ্ঠানৰ প্ৰকাশিত প্ৰতিবেদনখনত কোৱা হৈছে যে বিশ্বৰ ভিতৰতে ভাৰতীয় নাগৰিকে সৰ্বাধিক পৰিমাণে ভূগৰ্ভস্থ পানী ব্যৱহাৰ কৰে৷ প্ৰতিবেদনখনত লগতে এইবুলিও কোৱা হৈছে যে ভাৰতে অকলেই আমেৰিকা আৰু চীনে ব্যৱহাৰ কৰা ভূগৰ্ভস্থ পানীৰ সমান পানী ব্যৱহাৰ কৰে৷ যাৰ ফলত লাহে লাহে ভূগৰ্ভৰ পানীৰ স্তৰ কমি গৈছে আৰু ভূগৰ্ভৰ পানী এইদৰে ব্যৱহাৰ কৰি থাকিলে কিছু বছৰ পাছতে ই শুকাই যাব৷ লক্ষণীয় কথা যে ইতিমধ্যে সিন্ধু আৰু গংগা অববাহিকা অঞ্চলৰ কিছু ঠাইত ভূগৰ্ভৰ জলস্তৰ হ্ৰাস পোৱাৰ বাতৰি পোৱা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here