ৰাতি হালধি দিয়া গাখীৰ খালে কি লাভ হয় ? (Benefits of taking Milk with Turmeric at night)

0
722
যেতিয়াই শৰীৰৰ কোনো অংশ আঘাতপ্ৰাপ্ত হয়, তেতিয়া বয়োজ্যেষ্ঠ লোকসকলে হালধিযুক্ত গাখীৰ খাবলৈ পৰামৰ্শ দিয়া আপোনালোকে নিশ্চয় দেখিছে৷ কিয়নো হালধি দিয়া গাখীৰে ঘা সোনকালে শুকোৱাৰ পৰা আৰম্ভ কৰি কাহ-চৰ্দি, শৰীৰৰ ইমিউনিটি বৃদ্ধিতো বিশেষভাৱে অৰিহণা যোগায়৷ পিছে ৰাতি হালধি দিয়া গাখীৰ খালে কেনেধৰণৰ লাভ হয় জানেনে?

(১) ৰাতি হালধি দিয়া গাখীৰ খালে শৰীৰৰ টক্সিন বাহিৰ হোৱাত সহায় কৰে৷ ফলত শৰীৰটো ৰোগমুক্ত হোৱাৰ লগতে গেছ, এচিডিটি, কোষ্ঠকাঠিন্যৰ সমস্যাও নিৰাময় হয়৷


(২) ৰাতি হালধি দিয়া গাখীৰ খালে ইয়াত থকা এণ্টিছেপটিক আৰু এণ্টিবেক্টেৰিয়েল উপাদানে ছালৰ বিভিন্ন ধৰণৰ সমস্যা, ইনফেকশ্যন, খজুৱতি, পিম্পলছ আদি নোহোৱা কৰি ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে৷


(৩) হালধি দিয়া গাখীৰ ৰাতি সেৱন কৰিলে হৰমনৰ ভাৰসাম্যতা অটুট থাকে৷

Turmeric milk | Explore Tumblr Posts and Blogs | Tumgir


(8) গলৰ খিচখিচনি বা গলৰ যিকোনো সমস্যা হ’লে হালধি দিয়া গাখীৰত অলপ জালুক মিশ্ৰণ কৰি ৰাতি খাব লাগে৷


(৫) আপোনাৰ যদি থাইৰয়েডৰ সমস্যা আছে নাইবা গাঁঠিৰ বিষ আছে, তেন্তে হালধি দিয়া গাখীৰত কাজু মিশ্ৰণ কৰি দৈনিক ৰাতি খোৱা উচিত৷


(৬) ৰাতি ভাল টোপনি আহিবলৈ শোৱাৰ আধা ঘণ্টা আগত হালধি দিয়া গাখীৰ খালে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here