ৰাতি শোৱাৰ আগত এইকেইটা বস্তু ভুলতো নাখাব?

0
1614


দিনটোৰ পৰিশ্ৰমৰ অন্তত ঘৰলৈ আহি এটা ভাল টোপনি মৰাৰ ইচ্ছা কাৰনো নাথাকে৷ আমাৰ সুস্বাস্থ্যৰ বাবে কমেও আঠ ঘণ্টা টোপনি মৰা উচিত৷ কিন্তু বহু লোকৰ অধিক পৰিশ্ৰম কৰি অহাৰ পাছতো টোপনি নধৰে৷ ইয়াৰ কাৰণ কি হ’ব পাৰে আপোনাকে কেতিয়াবা ভাবি চাইছেনে? বহ ক্ষেত্ৰত আমাৰ খাদ্যাভ্যাসো আমাৰ টোপনি নহাৰ কাৰণ হ’ব পাৰে৷ এনেকুৱা বহু খাদ্য আছে, যি ৰাতি খোৱাৰ ফলত আপোনাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে-
(১) কফি প্ৰচুৰ পৰিমাণে কেফেইনযুক্ত হোৱা হেতুকে ৰাতি খালে টোপনি নাহে৷
(২) ৰাতি পেট ভৰাই মাংস খাব নালাগে৷ ই সহজে হজম নোহোৱাৰ ফলত ৰাতি টোপনি অহাত ব্যাঘাত জন্মায়৷
(৩) ডাৰ্ক চকলেট আমাৰ শৰীৰৰ বাৰে উপকাৰী যদিও ৰাতি শোৱাৰ আগতে ডাৰ্ক চকলেট খালে ৰাতিপুৱালৈ ভাগৰ অনুভৱ কৰা যায়, কিয়নো কফিৰ দৰে ডাৰ্ক চকলেটতো কেফেইন থাকে৷
(৪) ওটছত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু প্ৰ’টিন থাকে, যি আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়৷ কিন্তু অধিক ফাইবাৰযুক্ত হোৱাৰ বাবে ৰাতি শোৱাৰ আগত খালে ইয়াক হজম হ’বলৈ সময় লাগে৷ যাৰ ফলত টোপনি অহাত বাধা প্ৰদান কৰে৷
(৫) আইচক্ৰীম খাই সকলোৱে ভাল পায়৷ বিশেষকৈ গৰমৰ দিনত৷ কিন্তু ৰাতি শোৱাৰ আগত আইচক্ৰীম খোৱাটো ভাল নহয়৷ আইচক্ৰীমত থকা চেনি আৰু কাৰ্বহাইড্ৰেটৰ মিশ্ৰণৰ বাবে গোটেই ৰাতি বাগৰ সলাই থকাত অৰিহণা যোগাব পাৰে৷
(৬) বহুতে কয়, এলকহলজাতীয় দ্ৰব্য সেৱন কৰিলে সোনকালে টোপনি আহে, কিন্তু আচলতে এনেধৰণৰ দ্ৰব্যই প্ৰাকৃতিকভাৱে অহা টোপনিত ব্যাঘাত জন্মায়৷ এনেধৰণৰ দ্ৰব্য সেৱনে ‘Restorative REM Sleep’ৰ পৰিমাণ কমায়, যিয়ে আমাৰ শৰীৰ, মন-মগজু সক্ৰিয় কৰি ৰখাৰ বাবে অতি প্ৰয়োজন৷
(৭) ৰাতি শোৱাৰ আগতে মিঠা বস্তু খাব নালাগে৷ মিঠা বস্তুত প্ৰচুৰ পৰিমাণে কেলৰি আৰু ফেট থাকে, যাৰ বাবে ইয়াক সেৱনৰ অলপ পাছতে তেজত ইনছুলিনৰ মাত্ৰা বৃদ্ধি পায়৷ ইয়াৰ ফলত শৰীৰটো অধিক সক্ৰিয় হৈ পৰে আৰু টোপনি নাহে৷
(৮) বিলাহী আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী৷ কিন্তু এনেধৰণৰ পাচলি প্ৰচুৰ গেছযুক্ত হোৱা বাবে ৰাতি ইয়াক খাব নালাগে৷
(৯) ৰাতি শোৱাৰ আগতে বেছি জ্বলা-মছলাযুক্ত খাদ্য খাব নালাগে৷ ই হজম হোৱাত বহু সময় লয়, ফলত টোপনিত বাধা জন্মায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here