ৰাতি শুই থাকোঁতে ভৰিৰ নাৰ্ভ টানি ধৰে নেকি?

0
1092
কেতিয়াবা বহুবাৰ উঠা-বহা কৰাৰ সময়ত, এঙামূৰি কাঢ়োতে অথবা কেতিয়াবা ৰাতি শুই থাকোঁতে হঠাৎ ভৰিৰ নাৰ্ভ টানি ধৰা দেখা যায়৷ দেখাত ই তেনেই সাধাৰণ সমস্যা যদিও নাৰ্ভ টানি ধৰিলে অত্যন্ত বিষ হোৱা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷ অকল এয়াই নহয়, বিষ হোৱাৰ লগতে কেতিয়াবা ঠাইডোখৰ ফুলি উঠাও দেখা যায়৷ সাধাৰণতে দেহত পানীৰ অভাৱ, দুৰ্বলতা, তেজত ছডিয়াম আৰু পটেচিয়ামৰ অভাৱ, মাংসপেশীসমূহলৈ পৰ্যাপ্ত মাত্ৰাত তেজৰ চলাচল নোহোৱা, শোৱাৰ ভংগী বেয়া হোৱা আৰু স্নায়ুৰ দুৰ্বলতাৰ ফলতে নাৰ্ভ টানি ধৰে৷ এনেকুৱা সমস্যাই দেখা দিলে আপুনি কেইটামান ঘৰুৱা উপায় অৱলম্বন কৰি সেই সময়খিনিত অলপ হ’লেও সকাহ পাব পাৰে৷

(১) যদি আপোনাৰ বাওঁভৰিৰ নাৰ্ভ টানি ধৰিছে, তেন্তে সোঁহাতৰ আঙুলিৰে কাণৰ তলৰ অংশত জোৰত টিপি দিয়ক৷ একেদৰে সোঁভৰিৰ নাৰ্ভ টানি ধৰিলে বাওঁহাতৰ আঙুলিৰে কাণৰ তলৰ অংশ জোৰকৈ টিপি দিব লাগে৷


(২) নাৰ্ভ টানি ধৰিলে বৰফেৰে সেই অংশত অলপ সময় ধৰি থাকিলে আৰাম পোৱা যায়৷

Does It Matter What Type of Ice Pack You Use for an Injury? – Cleveland Clinic


(৩) নাৰ্ভ টানি ধৰা সমস্যাত যিকোনো তেল অলপ গৰম কৰি লৈ লাহে লাহে ঠাইডোখৰ মালিচ কৰিব লাগে৷


(৪) ৰাতি শুই থাকিলে হঠাৎ ভৰিৰ নাৰ্ভ কোঁচ খাই গ’লে ভৰিৰ বুঢ়া আঙুলিটো কিছু সময় টানি ধৰিলে আৰাম পোৱা যায়৷

Big toe pain: 7 causes, other symptoms, treatment, and more


(৫) ছডিয়ামৰ অভাৱতো কেতিয়াবা নাৰ্ভ টনা সমস্যাত ভুগিবলগীয়া হয়৷ এনে অৱস্থাত সামান্য পৰিমাণৰ নিমখ হাতত লৈ চেলেকিলে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here