ৰাজ্য চৰকাৰৰ নতুন নীতি-নিৰ্দেশনা

0
1341

নতুন এছ অ’ পি অনুসৰি ৫ মে’ৰ পৰা ব্যাৱসায়িক প্ৰতিষ্ঠান সন্ধিয়া ৬ বজাৰ সলনি আবেলি ২ বজাতে বন্ধ কৰিব লাগিব আৰু নিশা ৮ বজাৰ সলনি সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন কাৰ্যকৰী হ’ব৷

ৰাজ্যত কৰ’নাজনিত পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত যোৱা ৪ মে'ত ৰাজ্য চৰকাৰে নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ, মুখ্য সচিব, স্বাস্থ্য বিভাগকে ধৰি প্ৰশাসনৰ মাজত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত ৫ মে'ৰ পৰা পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ এলানি নতুন নিৰ্দেশনা জাৰি কৰা হয়৷ নতুন এছ অ’ পি অনুসৰি ৫ মে'ৰ পৰা ব্যাৱসায়িক প্ৰতিষ্ঠান সন্ধিয়া ৬ বজাৰ সলনি আবেলি ২ বজাতে বন্ধ কৰিব লাগিব আৰু নিশা ৮ বজাৰ সলনি সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন কাৰ্যকৰী হ’ব৷ আনহাতে এতিয়াৰ পৰা এসপ্তাহত কৰ’নাৰ সংক্ৰমণৰ হাৰ ১০ শতাংশ স্পৰ্শ কৰিলে বা চিকিৎসালয়ৰ অক্সিজেন সংলগ্ন বিছনা বা আই চি ইউৰ বিছনা ৬০ শতাংশ পূৰ হ’লে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হ’ব৷ অৱশ্যে কোন এলেকাত বা কিমান বিশাল এলেকাত এই কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হ’ব সেয়া জিলা দণ্ডাধীশে সিদ্ধান্ত ল’ব৷  এতিয়াৰ পৰা মুকলি স্থান বা বন্ধ কোঠা সকলোতে সভা-সমিতি বা জনসমাৱেশ সম্পূৰ্ণ বন্ধ কৰা হৈছে৷ বিবাহৰ ক্ষেত্ৰতো মাত্ৰ ২০জন লোকৰ উপস্থিতিত কেৱল ধৰ্মীয় অংশহে সম্পন্ন কৰিব পাৰিব৷ ধৰ্মীয় অনুষ্ঠান আৰু এনে অনুষ্ঠানৰ সমাৱেশো ৫ জন লোকতকৈ অধিক লোকৰ ক্ষেত্ৰত নিষিদ্ধ কৰা হৈছে৷ অন্তেষ্টিক্রিয়াত কেৱল ২০জন লোকৰ সমাৱেশত অনুমতি দিয়া হৈছে৷ সকলো ব্যাৱসায়িক প্ৰতিষ্ঠান দিনৰ ২ বজাতে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ ৰেস্তোৰাঁ, ধাবা আদিত ৬ বজালৈ কেৱল হোম ডেলিভাৰীহে কৰিব পৰা যাব৷ হোটেল আৰু ৰিজ’ৰ্টৰ নিজা ৰেস্তোৰাঁত বাহিৰৰ গ্ৰাহকৰ বাবে কেৱল ২ বজালৈ আহাৰ পৰিৱেশন কৰিব পাৰিব৷ শীতলীকৰণ ভঁৰাল আৰু গুদাম দিনৰ ২ বজাৰ পাছতো খোলা ৰাখিব পাৰিব যদিও বিক্ৰী কেন্দ্ৰ ২ বজাতে বন্ধ কৰিব লাগিব৷ ফাৰ্মাচী, চিকিৎসালয়, পশু চিকিৎসালয় আদিৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা আৰোপ কৰা হোৱা নাই৷ সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ো দিনৰ ২ বজাতে বন্ধ কৰিব লাগিব৷ কিন্তু এই সময়তো বিষয়াসকলৰ বাহিৰে বাকী কৰ্মচাৰী কেৱল আধাহে কাৰ্যালয়লৈ আহি কাম কৰিব পাৰিব৷ চৰকাৰী-বেচৰকাৰী, অৰ্ধচৰকাৰীকে ধৰি সকলো কাৰ্যালয়ৰ গৰ্ভৱতী মহিলা আৰু ৫ বছৰপৰ্যন্ত সন্তান থকা মাতৃ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব লাগিব৷ সকলো কাৰ্যালয়ৰ শাৰীৰিকভাৱে অক্ষম কৰ্মচাৰীকো কাৰ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত ৰেহাই দি তেওঁলোকক ঘৰৰ পৰা কাম কৰাৰ অনুমতি দিয়া হৈছে৷ ৰিক্সা, অট’ৰিক্সা, টেক্সিত চালকৰ বাহিৰে কেৱল দুজন যাত্ৰী উঠাব পাৰিব৷ চিটিবাছ, আন্তঃজিলা, আন্তঃৰাজ্যিক বাছত আধা যাত্ৰীহে উঠাব পাৰিব৷ যিকোনো বাহনত এজন লোক থাকিলে তেওঁৰো মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে৷ আনহাতে ব্যক্তিগত বাহনত সম্পূৰ্ণ আসনত যাত্ৰী বহিব পাৰিব যদিও সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ ৫ মে'ৰ সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন কাৰ্যকৰী কৰা হ’ব আৰু এই সময়ছোৱাত সাধাৰণ লোকৰ চলাচল নিষিদ্ধ কৰা হৈছে৷ অৱশ্যে জৰুৰীকালীন সেৱা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে৷ ন্যায়িক বিষয়া, ন্যায়াধীশসকলক সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে৷ চৰকাৰী-বেচৰকাৰী সকলো চিকিৎসা ব্যৱস্থাৰ সৈতে জড়িত লোকক ৰেহাই দিয়া হৈছে৷ গৰ্ভৱতী মহিলা আৰু ৰোগীক চিকিৎসাৰ বাবে নিয়াৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে৷ কোনো লোক বিমান বন্দৰ, ৰে’ল ষ্টেছন, আই এছ বি টি আদিলৈ অহা-যোৱাৰ ক্ষেত্ৰত বৈধ টিকট লৈ ভ্ৰমণৰ অনুমতি দিয়া হৈছে৷ বৈদ্যুতিক আৰু ছপা সংবাদ মাধ্যমক ৰেহাই দিয়া হৈছে৷ জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহত কোনো বাধা আৰোপ কৰা হোৱা নাই৷ কভিড ভেক্‌চিন ল’বলৈ যোৱা লোক, বন আৰু পৰিৱেশ বিভাগৰ সকলো কৰ্মচাৰীৰ ক্ষেত্ৰতো ৰেহাই দিয়া হৈছে৷ উদ্যোগ আৰু চাহ বাগিচাসমূহ কভিড প্ৰট’কল মানি খোলা ৰাখিব পাৰিব৷ কভিড প্ৰট’কল ভংগৰ ক্ষেত্ৰত উদ্যোগ বা চাহ বাগিচাৰ মুৰব্বী দায়ী হ’ব৷ ৰাজহুৱা স্থানত থু-খেঁকাৰ পেলোৱাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ এই নিষেধাজ্ঞা ভংগ কৰিলে ১,০০০ টকা জৰিমনা বিহা হ’ব৷ আনহাতে আজিৰে পৰা ৰাজ্যৰ স্কুল-কলেজ অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব৷ এই কথা ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here