ৰাজ্য চৰকাৰৰ গঁড়ৰ খৰ্গ দাহন পদক্ষেপ!কিয় আৰু কেতিয়া ? Why and when does the state government plan to burn Rhino horns?

0
1640
এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ল বিশ্ববাসী৷ ‘বিশ্ব গঁড় দিৱস’ৰ লগত সংগতি ৰাখি ২২ ছেপ্টেম্বৰত বোকাখাত ৰাজহুৱা খেলপথাৰত অসমৰ বিভিন্ন স্থানত সংৰক্ষণ কৰি ৰখা ২,৪৭৯ টা গঁড়ৰ খৰ্গ দাহ  কৰা হ’ল ৷ বিশেষভাৱে নিৰ্মিত ৬ টাকৈ গেছচালিত চৌকাত সংৰক্ষিত খৰ্গসমূহ দাহ কৰা হয়৷ এনে ৰাজহুৱাকৈ  বৃহৎ সংখ্যক খৰ্গদাহন বিশ্বত এয়া সৰ্বপ্ৰথম বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ এখন ড্ৰোণৰ সহায়ত চৌকাবোৰ প্ৰজ্বলন কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজহুৱাকৈ এনেদৰে দাহ  কৰাৰ কাৰণ হ’ল ইয়াৰ দ্বাৰা বিশ্বৰ জনসাধাৰণলৈ বাৰ্তা দিব বিচৰা হৈছে যে গঁড়ৰ খৰ্গৰ কোনো মূল্য নাই, ইয়াৰ বিজ্ঞানসন্মত উপযোগিতা নাই, কোনো দৰবত ইয়াক ব্যৱহাৰৰ যুক্তিযুক্ততাও নাই৷ মৃত গঁড়ৰ খৰ্গ মূল্যৱান নহয়, জীৱন্ত গঁড়টোহে মূল্যৱান৷ কেতিয়াও খৰ্গৰ বাবে গঁড় হত্যা নকৰিবলৈ আহ্বান জনাই গঁড়ক জীৱন আৰু সৃষ্টিৰ এক অবিচ্ছেদ্য অংগ বুলি আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে গঁড়ৰ খৰ্গটোকো মানুহৰ অবিচ্ছেদ্য অংগৰ দৰে বুলি স্বীকৃতি দিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে কেৱল অন্ধবিশ্বাসৰ বাবেই গঁড়ৰ খৰ্গৰ এখন আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰ চলি আছে৷ লগতে তেওঁ আৰু কয় যে ভৱিষ্যতেও বাৰ্ধক্যজনিত বা আন কাৰণত মৃত্যু হোৱা গঁড়ৰ খৰ্গ এনেদৰে প্ৰতিবছৰে দাহ কৰা হ’ব৷ খৰ্গ দাহ অনুষ্ঠানৰ আদৰণী ভাষণ আগবঢ়াই  কৃষি, পশু পালন আদি বিভাগৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই কয় যে বিশ্বৰ ৭১.১০ শতাংশ গঁড় অসমতে আছে৷ আৰু কাজিৰঙাৰ বন্য জীৱৰ সুৰক্ষাৰ বাবে কাজিৰঙাৰ দাঁতি- কাষৰীয়া অঞ্চলৰ লোকে আগবঢ়োৱা সহযোগিতাৰ বাবে  চেল্যুট জনায় মন্ত্ৰী অতুল বৰাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here