ৰাজ্য চৰকাৰৰ এইবাৰৰ SOP-ত কি আছে?

0
511
যোৱা এক অক্টোবৰত মাজুলীত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মাজুলীৰ পৰাই ৰাজ্যৰ নতুন SOP অৰ্থাৎ ষ্টেণ্ডাৰ্ড অ’পাৰেটিং প্ৰচিডিঅ’ৰ ঘোষণা কৰে৷ মাজুলীৰ উপায়ুক্তৰ সভাকক্ষত এক সংবাদমেলযোগে ঘোষণা কৰা নতুন SOP-ত মন্ত্ৰী মহন্তই বহু শিথিলতাৰ কথা ঘোষণা কৰে৷ মন্ত্ৰীজনে কয় যে ৰাজ্যৰ নতুন SOP-ত বহুকেইটা শিথিলতা অনা হৈছে৷ মন্ত্ৰী মহন্তই ঘোষণা কৰা SOP অনুসৰি বৰ্তমানৰ ৯ বজাৰ কাৰ্ফিউ নিশা ১০ বজালৈ বৃদ্ধি কৰিছে৷ এতিয়াৰ পৰা নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈকে কাৰ্ফিউ বাহাল থাকিব৷ ইফালে দোকান-বজাৰ, শ্ব’ৰূম, হোটেল-ৰেস্তোৰাঁ আদি সকলো ৮ বজাৰ পৰিৱৰ্তে এতিয়াৰ পৰা ৯ বজালৈকে খোলাৰ অনুমতি দিছে৷ পূৰ্বৰ SOP-ত সভা-সমিতিত ৫০গৰাকী লোক সমৱেত হোৱাৰ অনুমতি দিছিল যদিও এতিয়াৰ পৰা সভা-সমিতিত ২০০গৰাকী লোক উপস্থিত থাকিব পাৰিব যদিও প্ৰতিগৰাকী লোকে দুয়োপালি ভেকচিন লোৱাটো বাধ্যতামূলক হ’ব৷ পূজা উদ্‌যাপন সন্দৰ্ভত সমিতিসমূহৰ লগত হোৱা আলোচনা অনুসৰিয়েই অনুষ্ঠিত হ’ব আৰু পূজাৰ সকলো দিশ পৰিচালিত হ’ব উপায়ুক্তসকলৰ যোগেদি৷ কামাখ্যা মন্দিৰ, আজানপীৰ দৰগাহ, শিৱদৌল, হাজোৰ পোৱামক্কা আদিৰ দৰে ঠাইসমূহত দুয়োপালি ভেকচিন লোৱা লোকক প্ৰৱেশৰ অনুমতি দিয়া হৈছে যদিও বাকী ধৰ্মীয় অনুষ্ঠানসমূহত ঘণ্টাত ৪০গৰাকী লোকক প্ৰৱেশৰ অনুমতি দিছে৷ ইয়াৰ উপৰি চিনেমা হলসমূহ খোলাৰ অনুমতি দিছে যদিও আসন অনুসৰি ৫০% লোককহে প্ৰৱেশৰ অনুমতি দিছে৷ কিন্তু দুয়োপালি ভেকচিন লোৱাৰ লোকেহে চিনেমাৰ টিকট পাব বুলিও মন্ত্ৰীজনে জানিবলৈ দিয়ে৷ অৱশ্যে ভ্ৰাম্যমাণ দলৰ ক্ষেত্ৰতহে এতিয়াও চৰকাৰে সিদ্ধান্তলৈ আহিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰে আলোচনাৰ পাছতহে বিষয়টো নিষ্পত্তি হ’ব বুলি মন্ত্ৰী মহন্তই সদৰী কৰে৷ স্কুল-কলেজৰ ক্ষেত্ৰত শিক্ষা মন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি অহা ১৯ তাৰিখৰ পৰা সকলো শিক্ষানুষ্ঠান খোলা হ’ব৷ অৱশ্যে এটা শ্ৰেণী সপ্তাহত তিনি দিনহে অনুষ্ঠিত হ’ব৷ অৱশ্যে ১৮ বছৰৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীয়ে ভেকচিন ল’ব লাগিব বুলি মন্ত্ৰীজনে উল্লেখ কৰে৷ এতিয়াৰ পৰা চৰকাৰী আঁচনি ক্ৰমে অৰুণোদয়, অটল অমৃত, বৃদ্ধ পেঞ্চন, বিনামূলীয়া চাউল ইত্যাদি আঁচনিসমূহৰ ক্ষেত্ৰত ভেকচিন লোৱাটো বাধ্যতামূলক কৰিছে৷ উল্লেখ্য যে এক অক্টোবৰৰ পৰাই উক্ত SOP কাৰ্যকৰী হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here