ৰাজ্যৰ সকলো নগৰতে পাইপেৰে গেছ যোগানৰ আঁচনি : কেতিয়াৰ পৰা? Piped cooking gas supply to urban households in State. From when?

0
344

Cairn Oil & Gas  নামৰ কোম্পানীটোৱে দৈনিক এক লাখ ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ (Standard Cubic Meter) প্ৰাকৃতিক গেছ অসম গেছ কোম্পানী লিমিটেডক যোগান ধৰিব৷ এই সন্দৰ্ভত ৬ ডিচেম্বৰত গুৱাহাটীত ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত কোম্পানী দুটাৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ হয়৷ এই চুক্তিৰ সন্দৰ্ভত অসম গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰীয়ে কয় যে আমি ৰাজ্যৰ সকলো নগৰ অঞ্চলতে পাইপযোগে প্ৰাকৃতিক গেছ প্ৰদানৰ এখন আঁচনি গ্ৰহণ কৰিছোঁ৷ সেই অনুসৰি কেইবছৰমানৰ ভিতৰতে ৰাজ্যৰ প্ৰায় দুই লাখ গ্ৰাহকে পাইপ গেছৰ সংযোগ লাভ কৰিব৷ সেয়েহে আমাক প্ৰয়োজন হ’বলগীয়া প্ৰাকৃতিক গেছৰ বাবে Cairn Oil & Gas নামৰ কোম্পানীটোৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here