Home Daily news ৰাজ্যৰ ভূগৰ্ভৰ পৰা আহৰণ কৰা হ’ব কয়লা, চূণশিল, চিলিমেণ্ট

ৰাজ্যৰ ভূগৰ্ভৰ পৰা আহৰণ কৰা হ’ব কয়লা, চূণশিল, চিলিমেণ্ট

এইবাৰ অবৈধভাৱে নহয়, বৈধভাৱে চলিব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বুকুত খনন৷ অসম চৰকাৰৰ খনি আৰু খনিজাত সামগ্ৰী বিভাগে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ কয়লা, পাথৰৰ অবৈধ সৰবৰাহ বৈধ কৰিবলৈ লৈছে৷ অসম চৰকাৰৰ খনি আৰু খনিজাত সামগ্ৰী বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ আৰু কাৰ্যবাহী সদস্যসকলৰ উপস্থিতিত হয় এখন বুজাবুজিৰ চুক্তি৷ অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন নামৰ অসম চৰকাৰৰ অংশীদাৰিত্বত থকা কোম্পানীটোৱে কাৰ্বি আংলঙৰ ভূগৰ্ভত খনন চলাব৷ 
বিভাগীয়ভাৱে জনোৱা অনুসৰি কাৰ্বি আংলং জিলাৰ শিলভেটা, কয়লাজান, ক্লুৰডুং, আমলখি, ডিছ’বাই, ধেণ্টাঘাট, চিলনীজান, লালডেৰা আৰু নেপালী বস্তিত আছে কয়লা৷ এইকেইটা স্থানত পৰ্যায়ক্ৰমে চলিব কয়লাৰ খনন৷ ডিলাই পাহাৰৰ চূণশিলৰ ওপৰত ভিত্তি কৰি চলি আছে বোকাজান চিমেণ্ট কাৰখানা৷ জিলাখনৰ ছামেলাংছ’ আৰু ছিপিলাংছ’ত আছে চিলিমেণ্ট৷ মহামায়া, চেণ্টাৰ বজাৰ, ভেলৌঘাট, চিলনীজানত আছে চীনামাটি৷ ডেনগাঁও, পাৰখোৱা, দংহাপ, আৰ্টিং, বে’ গাঁও, লংনিট, লেঙেৰি আৰু তিমুং গাঁৱত আছে কোৱাৰ্টাইজৰ খনি৷ চৰকাৰে নিবিদাৰ জৰিয়তে এই খনিজাত সামগ্ৰীসমূহ আহৰণৰ বাবে ঠিকা দিব৷ এম অ’ ইউ সন্দৰ্ভত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে এই খননে প্ৰকৃতিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়৷ তাৰ বাবে বন বিভাগৰ অনুমতি লাগিব৷ খনি আৰু খনিজাত সামগ্ৰী মন্ত্ৰী নন্দিতা গাৰ্লোছাই কয় যে এম অ’ ইউৰ দ্বাৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ লাভৱান হ’ব৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,