ৰাজ্যৰ বিমান বন্দৰ আৰু ৰে’ল ষ্টেচনসমূহ কৰ’নাৰ হট্‌স্পট

0
1020

ৰাজ্যৰ বিমান বন্দৰ আৰু ৰে’ল ষ্টেচনসমূহ কৰ’নাৰ হট্‌স্পট হৈ পৰিছে৷ বহিঃৰাজ্যৰ পৰা এই পথেৰে বৃহৎসংখ্যক কৰ’না পজিটিভ লোকে সংক্ৰমণ অসমলৈ কঢ়িয়াই আনিছে৷ কেৱল যোৱা ২১ এপ্ৰিলৰ দিনটোতে বৰঝাৰ বিমান বন্দৰত বহিঃৰাজ্যৰ পৰা অহা ৬২জন লোকৰ কৰ’না পজিটিভ পোৱা যায়৷ আনকি ইউ কে ভেৰিয়েণ্টৰ পাছত শেহতীয়াকৈ বিমানেৰে ডাব্‌ল মিউটেণ্ট ষ্ট্ৰেইন নামৰ নতুন কৰ’না ভাইৰাছৰ প্ৰৱেশো ঘটিছে অসমত৷ ইফালে ক্ৰমাৎ ৰাজ্যত কৰ’নাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাত স্বাস্থ্য বিভাগে ৰাজ্যৰ প্ৰতিখন জিলাত কভিড হস্পিটেল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে৷ একেদৰে নতুনকৈ জাৰি কৰা এছ অ’ পি কাৰ্যকৰী হোৱা জিলাৰ সংখ্যাও ২১খনলৈ বৃদ্ধি পাইছে৷ অসমত যোৱা ২১ এপ্ৰিলত ১,৬৬৫জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হয়৷ আনহাতে ৰাজ্যত এইপৰ্যন্ত কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যাই ১০ হাজাৰ অতিক্ৰম কৰিলে৷ যোৱা ১০ দিনত ৰাজ্যৰ সৰ্বাধিক লোক কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে৷ এই সময়ছোৱাত জিলাখনত ৪,৪০০জনতকৈ অধিক লোক আক্ৰান্ত হয়৷ এইপৰ্যন্ত নতুন এছ অ’ পি কামৰূপ মহানগৰ জিলাৰ উপৰি কামৰূপ গ্ৰাম্য জিলা (৬১৯জন আক্ৰান্ত), ডিব্ৰুগড় জিলা (৫৫৯জন আক্ৰান্ত), শোণিতপুৰ জিলা (৩৫৮জন আক্ৰান্ত), নগাঁও জিলা (৩৫৬জন আক্ৰান্ত), তিনিচুকীয়া জিলা (২৮১জন আক্ৰান্ত), যোৰহাট জিলা (২৭৫জন আক্ৰান্ত), বৰপেটা জিলা (২৩২জন আক্ৰান্ত), কাছাৰ জিলা (২২১জন আক্ৰান্ত), কাৰ্বি আংলং জিলা (২১৬জন আক্ৰান্ত), গোলাঘাট জিলা (১৬৯জন আক্ৰান্ত), দৰং জিলা (১৬০জন আক্ৰান্ত), হোজাই জিলা (১৬০জন আক্ৰান্ত), বঙাইগাঁও জিলা (১৫৮জন আক্ৰান্ত), নলবাৰী জিলা (১৪৩জন আক্ৰান্ত), শিৱসাগৰ জিলা (১৩০জন আক্ৰান্ত), মৰিগাঁও জিলা (১২৫জন আক্ৰান্ত), কৰিমগঞ্জ জিলা (১১৯জন আক্ৰান্ত), গোৱালপাৰা জিলা (১১৪জন আক্ৰান্ত), কোকৰাঝাৰ জিলা (১১১জন আক্ৰান্ত) আৰু ধেমাজি জিলাত (১০০জন আক্ৰান্ত) কাৰ্যকৰী হৈছে৷ ৰাজ্যত সম্প্ৰতি প্ৰায় ১০ হাজাৰ কৰ’নাত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে৷ যোৱা ২২ এপ্ৰিলত ৰাজ্যত মুঠ ১৯৩১জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হয়৷ আনহাতে ৰাজ্যত সম্প্ৰতি পজিটিভিটি ৰেট ২.৬৮ শতাংশ আৰু মৃত্যুৰ হাৰ মাত্ৰ ০.০৩ শতাংশ বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে৷ ইফালে  অহা ১ মে’ৰ পৰা ৰাজ্যত ১৮ বছৰৰ ওপৰৰ সকলো লোককে প্ৰতিষেধক প্ৰদান কৰা হ’ব৷ এই প্ৰতিষেধক ল’বৰ বাবে চৰকাৰে জনসাধাৰণৰ সুবিধাৰ বাবে ৯৮৫৪৪৯২৭২৯ আৰু ৮০৯৯৪৭০৬৮২ নম্বৰত আৰু বৰাকৰ বাবে ০৩৮৪২-২৪৫৭১৭ ট’ল ফ্ৰী নম্বৰ মুকলি কৰিছে৷ আনহাতে নগাঁৱত কভিড আক্ৰান্তৰ সংখ্যা ৪৮৬লৈ বৃদ্ধি হৈছে৷ আজিও জিলাখনত ১০৩গৰাকী লোক এই কভিড-১৯ত নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য জিলাখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷  তিনিচুকীয়াত যোৱা ২২ এপ্ৰিলত মুঠ ৮২গৰাকীৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে৷ এই লৈ জিলাখনত সক্ৰিয় কৰ’না আক্ৰান্তৰ সংখ্যা ৩২১গৰাকীলৈ বৃদ্ধি পালে৷ লখিমপুৰত কভিড আক্ৰান্তৰ সংখ্যা ১০৫জনলৈ বৃদ্ধি পালে৷ জিলাখনত ২১ এপ্ৰিলপৰ্যন্ত কভিডত আক্ৰান্তৰ সংখ্যা ৮৩গৰাকী আছিল যদিও আজি পুনৰ ২২গৰাকী লোক আক্ৰান্ত হয়৷ যোৱা ২২ এপ্ৰিলত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন এগৰাকী কভিড ৰোগীৰ মৃত্যু হয়৷ তেজপুৰৰ সমীপৱৰ্তী ঠেলামৰাৰ নিৱাসী বিনোদ ঠাকুৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ যোৱা ১৮ এপ্ৰিলত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হয়৷ আনহাতে পাঠশালাৰ ভৌকামাৰী নিৱাসী তথা পাঠশালা কলেজ ৰোডৰ ৰাজশ্ৰী ইলেকট্ৰনিক্‌ছ নামৰ ব্যাৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী যতীন কাকতীৰ আজি প্ৰায় ৬০ বছৰ বয়সত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয়৷ কামৰূপ জিলাৰ শুৱালকুছি, বংশৰ আৰু বামুন্দীত যোৱা ২২ এপ্ৰিলত পুনৰ ১৬ গৰাকী লোকৰ দেহত কভিড পজিটিভ ধৰা পৰিছে৷ বৰপেটা জিলাত আজি ৫১জন লোকৰ দেহত ধৰা পৰিছে কভিড-১৯ৰ অৱস্থিতি৷ ইয়াকে ধৰি বৰপেটা জিলাত কভিড আক্ৰান্ত লোকৰ সংখ্যা ২৯৬গৰাকীলৈ বৃদ্ধি পালে৷ বি টি আৰৰ কোকৰাঝাৰ জিলাতো  ২২ এপ্ৰিলত নতুনকৈ পুনৰ ২১জন আক্ৰান্ত হোৱাত জিলাখনত তীব্ৰ আতংকৰ সৃষ্টি হৈছে৷ ইপিনে  সন্ধিয়ালৈ কোকৰাঝাৰ জিলাত কভিড আক্ৰান্তৰ সংখ্যা ১২৪জনলৈ বৃদ্ধি পালে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here