ৰাজ্যৰ কৰ’না-সৃষ্ট পৰিস্থিতি ক্ৰমাৎ উন্নত

0
1318

ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপৰ ফলত ৰাজ্যত কৰ’নাসৃষ্ট পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ দিশে গতি কৰিছে৷ কিন্তু সংক্ৰমণৰ হাৰ হ্ৰাস পালেও ৰাজ্যত কৰ’নাত হোৱা মৃত্যুৰ হাৰে এতিয়াও চৰকাৰক উদ্বিগ্ন কৰি ৰাখিছে৷ উল্লেখ্য যে ৰাজ্যত সংক্ৰমণৰ হাৰ হ্ৰাস কৰিবৰ বাবে চৰকাৰে আন্তঃজিলা যাতায়াত বন্ধ কৰি দিয়াৰ লগতে দিনটোৰ প্ৰায় ১৭ ঘণ্টাই সান্ধ্য আইন জাৰি কৰি কঠোৰ পদক্ষেপ লোৱাৰ পাছত যোৱা এসপ্তাহৰ পৰা ক্ৰমাৎ সংক্ৰমণৰ হাৰ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে৷ এইকেইদিনত ৰাজ্যত সংক্ৰমণৰ হাৰ প্ৰায় ৩ শতাংশ হ্ৰাস পাইছে৷ সংক্ৰমণৰ হাৰ ১০.০১ শতাংশলৈ বৃদ্ধি পোৱা ৰাজ্যৰ কভিড পৰিস্থিতি সম্প্ৰতি প্ৰায় ৫ শতাংশলৈ নিম্নগামী হৈছে৷ আনহাতে ৰাজ্যৰ সৰ্বাধিক সংক্ৰমণ হোৱা জিলা হিচাপে পৰিগণিত হোৱা কামৰূপ মহানগৰ জিলাত ক্ৰমাৎ পৰিস্থিতি নিয়ন্ত্ৰণৰ দিশে গতি কৰিছে৷ জিলাখনত যোৱা পাঁচদিন ধৰি আক্ৰান্তৰ পৰিমাণ এহেজাৰৰ তললৈ আহিছে৷ লক্ষণীয় যে জিলাখন যোৱা ২৬ এপ্ৰিলৰ পৰা একেৰাহে ৰাজ্যৰ কভিড আক্ৰান্তৰ তালিকাত শীৰ্ষত আছে৷ কিন্তু জিলাখনত আক্ৰান্তৰ সংখ্যা দৈনিক ১০০-২০০লৈ হ্ৰাস পালেহে কিছু সকাহ পোৱা যাব বুলি প্ৰকাশ কৰে জি এম চি এইচৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক অচ্যুত চন্দ্ৰ বৈশ্যই৷ আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৪ মে’ত জি এম চি এইচত ১৬খন আই চি ইউ বিছনা মুকলি কৰে৷ এই আই চি ইউসমূহ কভিডোত্তৰ জটিলতাত ভোগা ৰোগীৰ বাবে মুখ্যতঃ ব্যৱহাৰ কৰা হ’ব৷ জি এম চি এইচত কভিডোত্তৰ জটিলতাত ভোগা ৰোগীৰ বাবে অহা মাহৰ মাজভাগলৈ আৰু ১০০খন অক্সিজেনযুক্ত বিছনা সংযোজন কৰা হ’ব বুলিও লগতে সদৰী কৰে৷ ইফালে গুৱাহাটীৰ পৰিস্থিতি অধিক উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো গুৱাহাটীবাসীকে কভিড পৰীক্ষা কৰিবৰ বাবে আহবান জনায়৷ লক্ষণীয়ভাৱে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘৰে ঘৰে কভিড পৰীক্ষা কৰাৰ সমান্তৰালভাৱে বজাৰসমূহতো কভিড পৰীক্ষা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ এই  কাম জিলা প্ৰশাসনে অহা ২৬ মে’ৰ পৰা আৰম্ভ কৰিব৷ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত বিশ্বজিৎ পেগুৱে বজাৰ সমিতিসমূহৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত এই কথা ঘোষণা কৰে৷ লক্ষণীয় যে ৰাজ্যত সম্প্ৰতি প্ৰায় ৫২ হাজাৰ কভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই নতুনকৈ ৬২২১জন লোক আক্ৰান্ত হোৱাৰ লগতে সংক্ৰমণৰ হাৰ ৫.১৬ শতাংশ হয়৷ আনহাতে যোৱা ২৪ ঘণ্টাত ৰাজ্যত কভিডৰ বাবে ৮৪জন লোক মৃত্যুমুখত পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here