ৰাজ্যৰ কোন চহৰে পালে সবাতোকৈ পৰিষ্কাৰ চহৰৰ বঁটা || Which city was adjudged the cleanest city in the state?

0
238

স্বচ্ছ সৰ্বেক্ষণ, ২০২১ সমীক্ষাত ৰাজ্যৰ মুঠ ৯ খন চহৰে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে স্বচ্ছ সৰ্বেক্ষণ, ২০২১ সমীক্ষাৰ বঁটাসমূহ প্ৰদান কৰে৷ সেই অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ৫০ হাজাৰৰ পৰা এক লাখ লোকৰ বসতিপ্ৰধান চহৰৰ তালিকাত সবাতোকৈ পৰিষ্কাৰ চহৰ হিচাপে তেজপুৰে, শ্ৰেষ্ঠ আত্ম বহনক্ষম চহৰৰূপে যোৰহাটে, শ্ৰেষ্ঠ উদ্ভাৱন আৰু অনুশীলন শিতানত বঙাইগাঁৱে, শ্ৰেষ্ঠ গতিশীল চহৰ হিচাপে তিনিচুকীয়াই বঁটা লাভ কৰে৷ একেদৰে ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ লোকৰ বসতিপ্ৰধান চহৰৰ তালিকাত উত্তৰ-পূবাৰ্ঞ্চলৰ ভিতৰত শ্ৰেষ্ঠ আত্মবহনক্ষম চহৰ হিচাপে কোকৰাঝাৰে, পৰিষ্কাৰ চহৰ হিচাপে গোলাঘাটে, দ্ৰুত গতিশীল চহৰ হিচাপে হাফলঙে, শ্ৰেষ্ঠ উদ্ভাৱন আৰু অনুশীলন শিতানত হাইলাকান্দিয়ে আৰু ২৫ হাজাৰ তলৰ জনসংখ্যাৰ চহৰৰ তালিকাত শ্ৰেষ্ঠ আত্মবহনক্ষম চহৰ হিচাপে কাছাৰৰ লক্ষীপুৰে বঁটা লাভ কৰে৷ উল্লেখ্য যে কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰ্যালয়ে পৰিচালনা কৰা জৰীপৰ ভিত্তিত এই বঁটা দিয়া হয়৷ ২০১৬ চনত আৰম্ভ কৰা হৈছিল এই বঁটা প্ৰদান প্ৰক্ৰিয়া৷ জৰীপত দেশৰ সৰ্বমুঠ ৪৩২০খন চহৰক সামৰা হৈছিল৷ ইফালে দেশৰ ভিতৰতে গুৱাহাটীয়ে সামগ্ৰিকভাৱে ২৭০২ নম্বৰ স্থান, ডিব্ৰুগড়ে ২৬৮৯ নম্বৰ স্থান অধিকাৰ কৰে৷ ৰাজ্যসমূহৰ তালিকাত অসমৰ স্থান ১৮ নম্বৰ৷ প্ৰথম স্থানত আছে ছট্টিশগড়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here