ৰাজ্যৰ কভিড পৰিস্থিতি ভয়াৱহ

0
1231

ৰাজ্যত ক্ৰমাৎ জটিলৰ পৰা জটিলতৰ হৈ পৰিছে কভিড পৰিস্থিতি৷ ৰাজ্যত সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যাই ২৬ হাজাৰ অতিক্ৰম কৰিছে৷ ইয়াৰ উপৰি ৰাজ্যত সংক্ৰমণৰ হাৰ আৰু কৰ’না ৰোগীৰ মৃত্যুৰ সংখ্যাও অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ অসমত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৪৪৭৫জন লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৪১৭জনেই কামৰূপ মহানগৰ জিলাৰ৷ বৰ্তমানলৈ ৰাজ্যত সংক্ৰমণৰ হাৰ আছিল ৮.১৪ শতাংশ আৰু অসমত যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৪১জন লোকৰ মৃত্যু ঘটে৷ ৰাজ্যত এতিয়া দৈনিক কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৫০০০ স্পৰ্শ কৰাৰ দিশে গতি কৰিছে৷ কৰ’নাত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে৷ ৰাজ্যত প্ৰতি সপ্তাহত ১০০০-১৫০০জন লোক বেছিকৈ আক্ৰান্ত হৈছে৷  ইফালে অসমত কাইলৈৰ পৰা ১৮-৪৪ বছৰৰ লোকৰ বাবে পূৰ্ণ পৰ্যায়ত ভেক্‌চিন প্ৰদান অভিযান আৰম্ভ কৰা হ’ব৷

আনহাতে যোৰহাট জিলাত আজি দিনটোত ১২৪জন কভিডত আক্ৰান্ত হৈছে৷ যোৰহাটৰ উপকণ্ঠৰ চেঙেলীআটীৰ ভদাই বৰা নামৰ এজন ব্যক্তিৰ কভিডত মৃত্যু হয়৷ তদনুৰূপ, নগাঁও জিলাত দৈনিক কভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যাই দুশৰ ঘৰ অতিক্ৰম কৰাত পৰিস্থিতি অধিক জটিল হৈ পৰিছে৷ ইপিনে, এইবাৰ কৰ’নাৰ দ্বিতীয়টো ঢৌত জিলাখনত ছগৰাকী ৰোগীৰ ইতিমধ্যে মৃত্যু হৈছে৷ ৰঙিয়াত কৰ’নাত আক্ৰান্ত হৈ আজি কুশল চৌধুৰী মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ ৰঙিয়াৰ বনগাঁৱৰ এই লোকজনে যোৱা কিছুদিন ধৰি জ্বৰ- কাহত ভুগি আছিল৷ ৰঙিয়াত বৰ্তমানলৈ ২৬৪জন লোক কভিড পজিটিভ বুলি ধৰা পৰিছে৷ কলিয়াবৰত নতুনকৈ ১৪জনৰ দেহত কভিড পজিটিভ পায়৷ এই পৰ্যন্ত কলিয়াবৰত কভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১৪৭লৈ বৃদ্ধি পালে৷ আনহাতে বজালী জিলাত ৩৪২লৈ বৃদ্ধি পালে কৰ’না পজিটিভ ব্যক্তিৰ সংখ্যা৷ মৰিগাঁও জিলাতো আজিপৰ্যন্ত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৭৯৫লৈ বৃদ্ধি হয়৷ ওদালগুৰি জিলাত মুঠ কৰ’না সক্ৰিয় লোকৰ সংখ্যা ২৬০লৈ বৃদ্ধি পালে৷ ইয়াৰে ৩৭জনক চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে ২২৩জনক হ’ম কোৱাৰেণ্টাইন কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here