ৰাজ্যসমূহে অচিৰেই পাব ১০ লাখ ২৫ হাজাৰ কভিড ভেক্‌চিন

0
1159

কেন্দ্ৰই ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ১৭.৩৫ কোটিৰো অধিক ভেক্‌চিন বিনামূলীয়াকৈ যোগান ধৰিছে৷ মন্ত্ৰ্যালয়ে কয় যে ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত ৯০ লাখৰো অধিক ড’জ, অৰ্থাৎ ৯০,৩০,৬৭০ এতিয়াও মজুত আছে৷

অহা তিনি দিনৰ ভিতৰত ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক কভিড ভেক্‌চিনৰ ১০ লাখৰো অধিক ড’জ দিয়া হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিছে৷ এটা চৰকাৰী বিজ্ঞপ্তিত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে অহা তিনি দিনৰ ভিতৰত ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ভেক্‌চিনৰ মুঠ ১০ লাখ ২৫ হাজাৰ ড’জ দিয়া হ’ব৷ মন্ত্ৰ্যালয়ে কয় যে ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত ৯০ লাখৰো অধিক ড’জ, অৰ্থাৎ ৯০,৩০,৬৭০ এতিয়াও মজুত আছে৷ যিবোৰ ৰাজ্যত ভেক্‌চিন নাই, সেইবোৰ ৰাজ্যত যোগানতকৈ বেছি ব্যৱহাৰ দেখুওৱা হৈছে আৰু তাৰ ভিতৰত নষ্ট হোৱা ড’জবোৰো আছে৷ তদুপৰি তেওঁলোকে সশস্ত্ৰ বাহিনীসমূহক যোগান ধৰা ভেক্‌চিন ড’জবোৰৰ ক্ষেত্ৰত সামঞ্জস্য আনিব পৰা নাই৷ মন্ত্ৰ্যালয়ে কয় যে কেন্দ্ৰই ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ১৭.৩৫ কোটিৰো অধিক ভেক্‌চিন বিনামূলীয়াকৈ যোগান ধৰিছে৷ তাৰ ভিতৰত ব্যৱহাৰ হৈছে ১৬.৪৪ কোটিৰো অধিক ড’জ৷ তাৰ ভিতৰত নষ্ট হোৱা ড’জবোৰো আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here