ৰাজ্যবাসীক আতংকিত নহ’বলৈ স্বাস্থ্য মন্ত্ৰীৰ আহ্বান

0
1313

ৰাজ্যত ক্ৰমাৎ উদ্বেগজনকভাৱে বৃদ্ধি পোৱা কৰ’নাৰ সংক্ৰমণ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে৷ ৰাজ্যত আগন্তুক কেইটামান দিনত সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা কৰিলেও সম্প্ৰতি ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ যোৱা ২৬ এপ্ৰিলত এখন সংবাদমেলত মন্ত্ৰীজনে অতি কমেও অহা ১০ দিনলৈ ৰাজ্যত কৰ’না ৰোগীৰ সকলো ব্যৱস্থা আৰু আন্তঃগাঁথনি মজুত থকা বুলি প্ৰকাশ কৰে৷ তেওঁ ৰাজ্যবাসীক আতংকিত নহ’বৰ বাবেও আহবান জনায়৷ তেওঁ কয় যে ৰাজ্যত কৰ’নাৰ ৰোগীৰ বাবে বিছনা আৰু আই চি ইউৰ বিছনা বৃদ্ধি কৰা হৈছে৷ কেৱল জি এম চি এইচ, এম এম চি এইচ আৰু কালাপাহাৰ কভিড হাস্পতালতে আই চি ইউৰ বিছনাৰ সংখ্যা ডেৰশলৈ বৃদ্ধি কৰা হৈছে৷ শিলচৰ, যোৰহাট চিকিৎসা মহাবিদ্যালয়তো আই চি ইউৰ বিছনা বৃদ্ধি কৰা হ’ব৷ ইয়াৰ উপৰি, জি এম চি এইচৰ পাৰ্কিং এলেকাত আৰু ২৬৮খন বিছনাযুক্ত আই চি ইউ কেন্দ্ৰ নিৰ্মাণৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে৷ এই আই চি ইউ কেন্দ্ৰটো নিৰ্মাণৰ বাবে ১০ কোটি টকা ব্যয় কৰা হ’ব আৰু অহা ৩-৪ দিনত নিৰ্মাণকাৰ্য আৰম্ভ হ’ব বুলি তেওঁ কয়৷ অহা ১০ দিনত এই আই চি ইউ সাজু হৈ উঠিব বুলিও তেওঁ কয়৷ আনহাতে ৰাজ্যত সম্প্ৰতি কৰ’না ৰোগীৰ বাবে মুঠ ২১২০খন বিছনা সাজু কৰি ৰখাৰ কথা উল্লেখ কৰি মন্ত্ৰীজনে সম্প্ৰতি ইয়াৰে ১৮৫২খন বিছনাত ৰোগী থকা বুলি সদৰী কৰে৷ ৰাজ্যত পৰ্যাপ্ত পৰিমাণে জীৱনদায়িনী ৰেমডিছিভিৰ বেজী মজুত থকা বুলিও তেওঁ সদৰী কৰে৷ অসম চৰকাৰে এতিয়াৰ পৰা ব্যক্তিগত নাৰ্ছিং হ’মত চিকিৎসাধীন কৰ’না ৰোগী আৰু দেশৰ যিকোনো স্থানত চিকিৎসাধীন কৰ’না ৰোগীৰ বাবেও এক নিৰ্দিষ্ট পৰিমাণৰ ৰেমডিছিভিৰ বেজী চৰকাৰী মূল্যত যোগান ধৰাৰ কথাও আজি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মন্ত্ৰীজনে কয় যে অসমে সম্প্ৰতি ৪টা বেচৰকাৰী আৰু ৮টা নিজা প্ৰকল্পৰ পৰা অক্সিজেন লাভ কৰি আছে৷ ৰাজ্যই এতিয়া দৈনিক ৬১ মেট্ৰিক টন অক্সিজেন লাভ কৰি আছে আৰু ইয়াৰে কেৱল ২০ মেট্ৰিক টন অক্সিজেনহে ব্যৱহাৰ কৰিবলগীয়া হৈছে৷ ভূটানত আৰু ডিগবৈত থকা দুটা প্ৰকল্পৰ পৰাও অসমে অক্সিজেন লাভ কৰাৰ প্ৰস্তুতি চলাই থকাৰ কথাও মন্ত্ৰীজনে সদৰী কৰে৷ সকলো ঠিকে থাকিলে অহা মে’-জুন মাহত অসমে পৰ্যাপ্ত পৰিমাণে অক্সিজেন লাভ কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ ইয়াৰ উপৰি গুৱাহাটীৰ আৰ্য নাৰ্ছিং হ’ম আৰু নাৰায়ণা হৃদয়ালয়ৰো দুটা নিজা অক্সিজেন প্ৰকল্প আছে বুলি তেওঁ সদৰী কৰে৷ অসমৰ চিকিৎসা কৰ্মীৰ অভাৱো এইবাৰ নহয় বুলি সদৰী কৰি মন্ত্ৰীজনে কয় যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ আগুৱাই দিয়াৰ নিৰ্দেশ দিয়া হৈছে৷ ইয়াৰ ফলত অহা মে’ মাহত কেইবাশ নতুন চিকিৎসক অসমে লাভ কৰিব

LEAVE A REPLY

Please enter your comment!
Please enter your name here