ৰাজ্যত শিশু সৰবৰাহৰ ঘটনা : ছিকিমৰ পৰা পুনৰ ১৭টি শিশুক উদ্ধাৰ

0
446
যোৱা ১৯ জুলাইত চিৰাঙৰ আৰক্ষীয়ে অভিযান চলাই ছিকিমৰ পৰা চিৰাং জিলাৰ ৪০টি শিশু উদ্ধাৰ কৰাৰ পাছত পুনৰ ১৯টি শিশু, কিশোৰ-কিশোৰীক উদ্ধাৰ কৰে৷ জিলাখনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেলত এই অভিযান সম্পৰ্কে অৱগত কৰে বিশেষ DGP তথা BTAD-ৰ IGP ড॰ এল আৰ বিষ্ণই৷ তেওঁ জানিবলৈ দিয়ে যে  চলিত মাহৰ ৮ তাৰিখৰ পৰা ১২ তাৰিখলৈ  চিৰাং জিলাৰ উপ-আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে ছিকিমত বাহৰ পাতি পাঁচদিনীয়া অভিযান চলায়৷ অভিযানকাৰী দলটোৱে মুঠ ১৯জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এইসকলৰ ভিতৰত আছে এটি পাঁচ বছৰীয়া কন্যা শিশু, ১৬টি কিশোৰ-কিশোৰী আৰু দুজন প্ৰাপ্তবয়স্ক লোক৷ উদ্ধাৰ কৰা ব্যক্তিসকলক চিৰাঙলৈ অনা হয় আৰু আজি শিশু কল্যাণ কমিটীৰ আগত হাজিৰ কৰোৱা হয়৷ এই অভিযানটোৰ নেতৃত্ব বহন কৰা চিৰাং জিলাৰ উপ-আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাই ছিকিমৰ তিনিখন জিলাত অভিযান চলাই তেওঁলোকক উদ্ধাৰ কৰা বুলি সদৰী কৰে৷ তেওঁ কয় যে শিশুসকলক মালিকসকলে ঘৰুৱা কামত ব্যৱহাৰ কৰিছিল৷ মালিকসকলে শিশুকেইটিক স্কুলত নাম লগাই দিয়া বুলি কৈছিল যদিও শিশুকেইটিয়ে কথাটো অস্বীকাৰ কৰে৷ জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৃষ্ণ যোগী নামৰ সৰবৰাহকাৰীটোৱে নানা প্ৰলোভন দি বিগত ৯-১০ মাহৰ ভিতৰত এই শিশুকেইটিক ছিকিমলৈ লৈ গৈছিল বুলি ব্যক্ত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here