ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাব দৰিদ্ৰ লোক

0
1004
লকডাউনে জুৰুলা কৰাৰ ফলত ৰাজ্যত বৃদ্ধি পাব দৰিদ্ৰ লোকৰ সংখ্যা৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে দেশৰ আন আন কেইবাখনো ৰাজ্যৰ লগতে অসমেও লকডাউন-সদৃশ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱাৰ ফলত মধ্যবিত্ত পৰিয়ালো দাৰিদ্ৰ্য সীমাৰেখাৰ তললৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ কৰ’না-সৃষ্ট পৰিস্থিতিৰ বাবে বৰ্তমানলৈ লকডাউন ঘোষণা কৰা হোৱা নাই যদিও সন্ধিয়া ৬ বজাৰ পৰা দোকান-পোহাৰ, হাট-বজাৰ,  শ্বপিংমল, হোটেল, ৰেষ্টুৰেণ্ট বন্ধ কৰিব লগীয়া হোৱাৰ ফলত লকডাউন-সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ যাৰ ফলত ৰাজ্যৰ অৰ্থনীতি দ্ৰুতগতিত অৱনমিত হোৱাৰ দিশে গতি কৰিছে৷ এই পৰিস্থিতিৰ ফলত ৰাজ্যৰ প্ৰায় ২৭ লাখ লোকে জীৱিকা হেৰুওৱাৰ সম্ভাৱনাই দেখা দিছে৷ উল্লেখ্য যে পূৰ্বৰ লকডাউনৰ সময়ত বহিঃৰাজ্যত বিভিন্ন খণ্ডত নিয়োজিত হৈ থকাসকল অসমলৈ উভতি আহিবলৈ বাধ্য হৈছিল৷ পৰিস্থিতি স্বাভাৱিক হৈ পৰাত অসমৰ যুৱক-যুৱতীসকলৰ মাজৰ পৰা একাংশ পুনৰ নিজ নিজ কৰ্মক্ষেত্ৰলৈ উভতি গৈছিল যদিও তেওঁলোক পুনৰ কৰ’নাৰ ত্ৰাসৰ বাবে আকৌ ঘূৰি নিজ ৰাজ্যলৈ ঘূৰি আহিবলগীয়া হৈছে৷ বহিঃৰাজ্যৰ পৰা  উভতি আহিবলগীয়া হোৱা আৰু অসমত বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থকা খণ্ডসমূহ লকডাউন-সদৃশ পৰিস্থিতিত বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ ফলত ৰাজ্যৰ ৬৭ লাখ লোকৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব বুলি ৰাজ্যৰ ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল৷ উল্লেখ্য যে ২০১১ চনৰ জৰীপ মতে, অসমত দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা ১.০১ কোটি আছিল৷ এতিয়া পুনৰ লকডাউন-সদৃশ পৰিৱেশে ৰাজ্যত দৰিদ্ৰ লোকৰ সংখ্যা বৃদ্ধি কৰাটো নিশ্চিত কৰিছে৷ পূৰ্বৰ লকডাউনৰ সময়ত বহিঃৰাজ্যৰ পৰা হাজাৰ হাজৰ শ্ৰমিক ৰাজ্যলৈ উভতি আহিবলগীয়া হ’ল৷ তেওঁলোকৰ বাবে চৰকাৰী চাকৰিত নিয়োগ সম্ভৱ নহয় যদিও বিভিন্ন খণ্ডত নিয়োজনৰ বাট মুকলি কৰাৰ বাবে চৰকাৰৰ বাস্তৱসন্মত ব্যৱস্থা নল’লে লাখ লাখ লোকে জীৱিকা হেৰুওৱাৰ ফলত দৰিদ্ৰৰ তালিকাবৃদ্ধি হোৱাৰ সম্ভাৱনাই দেখা দিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here