ৰাজ্যত ভেক্‌চিনৰ তীব্ৰ নাটনি হৈছে নেকি?

0
861


ৰাজ্যত শামুকীয়া গতিৰে চলি আছে কভিড-১৯ৰ ভেক্‌চিন প্ৰদানৰ কাম৷ পৰিস্থিতি ইমানেই শোচনীয় হৈ পৰিছে যে ভেক্‌চিন লোৱাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলে-বলে লোক ওলাই আহিছে৷ কিন্তু সেই অনুপাতে কেন্দ্ৰসমূহত ভেক্‌চিন মজুত নথকাত আগ্ৰহী লোকসকল হতাশ হৈ ঘূৰি যাবলগীয়া হৈছে৷ আচৰিত যেন লাগিলেও ৰাজ্যখনত যোৱা ২৫ মে’লৈকে দুই পালি ভেক্‌চিন লোৱা লোকৰ সংখ্যা হৈছে মাত্ৰ ৮,০৮,৩৫১জনহে৷ অৰ্থাৎ, ৰাজ্যৰ মাত্ৰ ৩.৪৫ শতাংশ লোকেহে এতিয়ালৈকে দুয়োপালি ভেক্‌চিন লাভ কৰিছে৷ আনহাতে প্ৰথমপালি ভেক্‌চিন লোৱা লোকৰ সংখ্যা হৈছে ৩০,৮৮,৯৩জন৷ শতকৰা হিচাপত প্ৰথমপালি ভেক্‌চিন লাভ কৰিছে ৰাজ্যৰ ১৩.২২ শতাংশ লোকে৷ অথচ ৰাজ্যখনত ভেক্‌চিন লোৱাৰ বাবে যোগ্য ১৮ বছৰৰ ঊৰ্ধবৰ লোকৰ সংখ্যা হৈছে ২,৩৩,৭৪,০৮৭জন৷ উল্লেখ্য যে সম্প্ৰতি ৰাজ্যখনত দৈনিক গড়ে প্ৰায় ৫৫ হাজাৰ লোকক ভেক্‌চিন প্ৰদান কৰি থকা হৈছে৷ তথ্য অনুসৰি যোৱা ২১ মে’ত ৰাজ্যখনত মুঠ ৪৪,৮৬৭জনক, ২২ মে’ত ৪৯,৫৯৬জনক, ২৩ মে’ত ৩৭,০৮৯জনক, ২৪ মে’ত ৭৫,০৩০জনক আৰু ২৫ মে’ত ৬৮,৩৫৫জনক ভেক্‌চিন প্ৰদান কৰা হৈছে৷ কিন্তু এই গতিত যদি ভেক্‌চিন প্ৰদানৰ কাম চলি থাকে, তেনেহ’লে ৰাজ্যৰ ১৮ বছৰৰ ঊধবৰ্ৰ সকলো লোকে ভেক্‌চিন লাভ কৰিবলৈ আৰু তিনি-চাৰি বছৰৰ প্ৰয়োজন হ’ব যে সেয়া নিশ্চিত৷ অসমত যোৱা ১৫ জানুৱাৰীৰ পৰাই ৪৫ বছৰৰ ঊধবৰ্ৰ লোকসকলক ভেক্‌চিন প্ৰদানৰ কাম আৰম্ভ কৰা হৈছিল৷ কিন্তু এতিয়াও ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ অধিকাংশ ৪৫ বছৰৰ ঊধবৰ্ৰ লোকে ভেক্‌চিন লাভ কৰাই নাই৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে ১৮-৪৪ বছৰ বয়সৰ লোকসকলক ভেক্‌চিন প্ৰদানৰ কাম আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল যদিও অসমত ভেক্‌চিনৰ অভাৱত সাত মে’ৰ পৰাহে ১৮-৪৪ বছৰ বয়সৰ লোকসকলক ভেক্‌চিন প্ৰদান কৰা হৈছিল৷ কিন্তু ভেক্‌চিনৰ অভাৱত এতিয়া বহু লোক সমস্যাৰ সন্মুখীন হৈছে৷ মন কৰিবলগীয়া কথা যে কৰ’নাৰ প্ৰথমটো ঢৌতকৈ দ্বিতীয়টো ঢৌ অত্যন্ত মাৰাত্মক হিচাপে বিবেচিত হৈছে৷ দ্বিতীয়টো ঢৌত আক্ৰান্ত আৰু মৃতকৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে৷ ইয়াৰ বিপৰীতে ভেক্‌চিন লোৱা লোকসকল কৰ’নাত আক্ৰান্ত হ’লেও সাধাৰণতে গুৰুতৰভাৱে অসুস্থ নহয় বুলি প্ৰমাণিত হৈছে৷ যাৰ বাবে এতিয়া ৰাজ্যৰ গাঁৱে-ভূঞে ভেক্‌চিন লোৱাৰ বাবে দলে-বলে ৰাইজ ওলাই আহিছে৷ গুৱাহাটী মহানগৰীতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে বহুসংখ্যক লোকে মহানগৰীখনৰ সমীপৰ কোনো জিলালৈ গৈ ভেক্‌চিন ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চৰকাৰে ভেক্‌চিন লোৱাৰ বাবে অনলাইন ৰেজিষ্টাৰৰ ব্যৱস্থা কৰাৰ ফলতে বহু লোকে এনেদৰে নিজ জিলাৰ পৰা আন জিলালৈ গৈ ভেক্‌চিন লোৱাত উক্ত জিলাসমূহৰ লোকসকল বঞ্চিত হোৱাৰো অভিযোগ উত্থাপিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here