ৰাজ্যত বৃদ্ধি পাব নেকি শীতৰ প্ৰকোপ?

0
1501

সাধাৰণতে পুহ মাহ পাৰ হৈ মাঘ মাহ সোমোৱাৰ পাছত অসমত শীতৰ প্ৰকোপ হ্ৰাস পায়৷ কিন্তু এইবাৰ অসমত মাঘ মাহত শীতৰ প্ৰকোপ পুহ মাহতকৈ বৃদ্ধি পাব৷ শীতৰ সমানে ৰাজ্যৰ বিভিন্ন স্থানত বৰষুণ হ’ব আৰু ইয়াৰ বাবেই শীতৰ প্ৰকোপে ৰাজ্যবাসীক জুৰুলা কৰিব৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য৷ ৰাজ্যৰ বহু স্থানত বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা সদৰী কৰি বতৰ বিজ্ঞান কেন্দ্ৰই ইয়াৰ ফলত শীতৰ প্ৰকোপো বৃদ্ধি পাব বুলি সকীয়নি জাৰি কৰিছে৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ২১ জানুৱাৰীলৈ প্ৰকাশ কৰা বতৰৰ আগলি বতৰা অনুসৰি এই পাঁচ দিনত অসমৰ মাত্ৰ দুখন জিলাতহে বৰষুণ নহ’ব৷ অৱশ্যে বাকী জিলাকেইখনতো ধাৰাসাৰ বৰষুণ নহয়৷ আংশিকভাৱে আৰু এৰা-ধৰাকৈ বৰষুণ হ’ব৷ কিন্তু তেনে হ’লেও কুঁৱলীৰ প্ৰকোপ বৃদ্ধি পাব আৰু শীতো ক্ৰমাৎ বৃদ্ধি পাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে সদৰী কৰিছে৷ এই সময়ছোৱাত লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত শীতৰ প্ৰকোপ সৰ্বাধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ আনহাতে উত্তৰ আৰু পূব অসমৰ জিলাকেইখনত অন্য জিলাকেইখনৰ তুলনাত অধিক বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথাও প্ৰকাশ কৰিছে৷ উল্লেখ্য যে সমগ্ৰ উত্তৰ-পূব ভাৰততে আগন্তুক কেইবাটাও দিনলৈ ধাৰাবাহিকভাৱে শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে৷ অসমৰ উপৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰতো বৰষুণ হ’ব বাবে অসমৰ চুবুৰীয়া ৰাজ্যকেইখনত শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সকীয়নি জাৰি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here