ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা Crime rate rising in State

0
847
ৰাজ্যত চিন্তনীয়ভাৱে বৃদ্ধি পাইছে যিকোনো অপৰাধৰ ঘটনা৷ ৰাজ্যৰ ভিতৰুৱা অঞ্চলেই নহয়, ৰাজধানী চহৰ গুৱাহাটীতো দিনে দিনে অপৰাধৰ ঘটনা বৃদ্ধি পাইছে৷ অতি শেহতীয়াকৈ অপৰাধজনিত ঘটনা হ্ৰাস কৰাৰ বাবে অসম আৰক্ষীক অধিক সক্ৰিয় কৰি তোলা হৈছে যদিও এই পৰ্যন্ত অপৰাধৰ ঘটনা হ্ৰাস পোৱা বুলি ক’ব নোৱাৰি৷ আৰক্ষীৰ অভিযান ঠিকেই চলিছে যদিও অপৰাধৰ ঘটনাও সমানেই সংঘটিত হৈ আহিছে৷ অসম আৰক্ষীৰ তথ্য অনুসৰি ২০১৭ চনমানৰ পৰা পঞ্জীকৃত অপৰাধৰ ঘটনা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ ২০০১-২০০২ চনমানৰ পৰা ২০১৪-১৫ চনমানলৈ ক্ৰমাগতভাৱে যিকোনো অপৰাধৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পায় যদিও ২০১৭, ২০১৮, ২০১৯, ২০২০ চনত অপৰাধৰ ঘটনাই পূৰ্বৰ সীমা অতিক্ৰম কৰে৷ চলিত বৰ্ষতো একে ধাৰা সমগ্ৰ ৰাজ্যত অব্যাহত আছে৷ ২০ বছৰৰ ভিতৰত ২০১৯ চনত ৰাজ্যখনত সৰ্বাধিক অপৰাধৰ ঘটনা সংঘটিত হয়৷ সেই বছৰটোত মুঠ ১,৩২,৮৭৭টা ঘটনা সংঘটিত হয়৷ ইফালে অন্য অপৰাধজনিত ঘটনাসমূহৰ দৰে উক্ত সময়ছোৱাত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ঘটনাও বৃদ্ধি পায়৷ কেৱল ২০২০ চনতেই ৰাজ্যখনত ১৭৩৬টা ধৰ্ষণৰ ঘটনা সংঘটিত হয়৷ সেইদৰে ৫৩টা মহিলা সৰবৰাহৰ ঘটনা, ১২৪টা যৌতুকজনিত ঘটনা, ১১,৩৮৯টা স্বামীৰ সৈতে সংঘটিত বিবাদজনিত ঘটনা, ৪৭৯২টা অপহৰণৰ ঘটনা আৰু ৩৮২০টা যৌন নিৰ্যাতনৰ ঘটনা বছৰটোত মহিলাৰ ওপৰত সংঘটিত হয়৷ ২০১৮ আৰু ২০১৯ চনত আকৌ ২০২০ চনতকৈও অধিকসংখ্যক ধৰ্ষণৰ ঘটনা সংঘটিত হয়৷ ২০১৮ চনত ১৯০৯টা আৰু ২০১৯ চনত ১৯৫২টা ধৰ্ষণৰ ঘটনা সংঘটিত হয়৷ এই বছৰ দুটাত যৌতুকজনিত ঘটনাৰ বাবে ৩৩১গৰাকী মহিলাৰ মৃত্যু হয়৷ অৰ্থাৎ যৌতুকজনিত ঘটনাৰ বাবে ২০১৭ চনত ১৫০গৰাকী, ২০১৮ চনত ১৬৬গৰাকী, ২০১৯ চনত ১৬৫গৰাকী আৰু ২০২০ চনত ১২৪গৰাকী মহিলাৰ মৃত্যু হয়৷ মহিলা আৰু যুৱতী অপহৰণৰ ঘটনাৰ ক্ষেত্ৰত দেখা যায় যে ২০১৭ চনত ৫১৮৬গৰাকী, ২০১৮ চনত ৬২৬৯গৰাকী, ২০১৯ চনত ৬৩২৬গৰাকী আৰু ২০২০ চনত ৪৭৯২গৰাকী মহিলা অপহৰণৰ কবলত পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here