ৰাজ্যত বিভিন্ন প্ৰান্তত উচুপিছে কৃষকে

0
1381
সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো কৰ’নাই কিদৰে সংহাৰী ৰূপ ধাৰণ কৰি আছে, সেয়া আমাৰ সকলোৰে বিদিত৷ সেয়েহে ইয়াৰ প্ৰতিৰোধৰ বাবেও ৰাজ্য চৰকাৰ তথা প্ৰশাসনে সময়ে সময়ে উলিয়াই আছে এখনৰ পাছত আন এখন নতুন এছ অ’ পি৷ বৰ্তমান কৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত জাৰি কৰা হৈছে আংশিক লকডাউন৷ কিন্তু এই আংশিক লকডাউনে বিশেষভাৱে জুৰুলা কৰিছে কৃষক ৰাইজক৷ কভিড প্ৰট’কল অনুসৰি দিনৰ ১১ বজাতে দোকান-পোহাৰ বন্ধ কৰিবলগীয়া হোৱাত এতিয়া কৃষকসকলে যেন চকুৰে সৰিয়হৰ ফুল দেখাৰ দৰে হৈছে৷ সময়মতে উৎপাদিত পাচলি বিক্ৰী কৰিব নোৱৰাৰ ফলত পথাৰতে গেলি-পচি নষ্ট হৈছে কৃষকৰ কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা পাচলি৷ ইফালে অৰ্ধলকডাউনৰ সময়ছোৱাত যিখিনি সময় পায়, তাতেও তেওঁলোকে অতি কম মূল্যত পাচলিসমূহ বিক্ৰী কৰিবলগীয়া হৈছে৷ যাৰ ফলত উচিত মূল্য নাপায় কৃষকে মূৰে-কপালে হাত দিয়াৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ প্ৰাপ্ত খবৰ মতে, একাংশ থলুৱা কৃষকে বহিঃৰাজ্যলৈ ৰঙালাও ৰপ্তানি কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ৰঙালাও উৎপাদন কৰিছিল৷ কিন্তু কভিড পৰিস্থিতিৰ বাবে এতিয়া এই ৰঙালাওবোৰ পচিবলৈহে আৰম্ভ কৰিছে৷ এই উৎপাদিত ফচলসমূহ পানীৰ দামত বিক্ৰী কৰিবলগীয়া হোৱাত কৃষকসকল বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈছে৷ মুঠতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া নীৰৱে উচুপি উঠিছে কৃষকে৷ উৎপাদিত কৃষি সামগ্ৰীসমূহ বিক্ৰীৰ বাবে এখন বজাৰ বিচাৰি নোপোৱাত বা বজাৰৰ অভাৱত পুনৰ ঘৰলৈ ঘূৰাই নিবলগীয়া পৰিস্থিতিৰ ফলত কৃষকসকল চূড়ান্তভাৱে হতাশ হ’বলগীয়া হৈছে৷ উপযুক্ত সংগ্ৰহ আৰু সংৰক্ষণৰ অভাৱত কৃষকে য’তে-ত’তে পেলাই দিবলগীয়া হৈছে শাক-পাচলিসমূহ৷ সেয়েহে এতিয়া ঋণ-ধাৰ লৈ বিঘাই বিঘাই মাটিত শাক-পাচলিৰ খেতি কৰা কৃষকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here