ৰাজ্যত বাঢ়িয়েই আছে কৰ’নাত আক্ৰান্তৰ সংখ্যা

0
1169


ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ৷ নিতৌ কৰ’নাৰ আক্ৰান্ত হৈছে ন-ন অঞ্চলৰ লোক৷ উদ্বেগৰ বিষয় এয়ে যে প্ৰতিদিনে বাঢ়িছে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে যোৱা ২৩ এপ্ৰিলৰ দিনটোত ৭২,৪০৫টা নমুনা সংগ্ৰহ কৰিছিল৷ ইয়াৰ ভিতৰত ২৩৮৪জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰে৷ এইপৰ্যন্ত ৰাজ্যৰ ভিতৰতে কামৰূপ মহানগৰত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা (৮৮৩) সৰ্বাধিক৷ যোৱা ২২ এপ্ৰিলত কৰ’নাৰ পজিটিভিটিৰ হাৰ ৩.২৯ শতাংশলৈ বৃদ্ধি পায়৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৰাজ্যত কৰ’না আক্ৰান্ত হৈ মৃত্যু হৈছে ১২জন লোকৰ৷ আনহাতে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতালত যোৱা ২২ এপ্ৰিলত কভিড আক্ৰান্ত কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ কাঞ্চৰণ ব্ৰহ্ম (৬২) চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু হয়৷ ব্ৰহ্মৰ দেহত কভিড-১৯ অৱস্থিতি ধৰা পৰাৰ পাছতে যোৱা ২১ এপ্ৰিলত কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা তেওঁক আনি বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ কভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল৷ ইপিনে জিলাখনত যোৱা ২২ এপ্ৰিলত পুনৰ ৬৮জন লোকৰ দেহত ধৰা পৰিছে কভিড-১৯ৰ অৱস্থিতি৷ ইয়াকে ধৰি বৰপেটা জিলাত কভিড আক্ৰান্ত লোকৰ সংখ্যা ৩৬৪লৈ বৃদ্ধি পালে৷ শোণিতপুৰ জিলাত চলিত সপ্তাহৰ ভিতৰত সৰ্বাধিক ৯২জন লোক কভিড আক্ৰান্ত হৈছে যোৱা ২২ এপ্ৰিলত৷ ইয়াকে লৈ জিলাখনত কভিড ৰোগী হিচাপে চিনাক্ত হোৱা লোকৰ সংখ্যা হ’ল ৪৯৫৷ আনহাতে যোৱা ২২ এপ্ৰিলত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ৬জন শিক্ষাৰ্থী কৰ’নাত আক্ৰান্ত হৈছে৷ নলবাৰী জিলাত এইপৰ্যন্ত মুঠ ২৩৭জন লোক কৰ’নাত আক্ৰান্ত হৈছে৷ জনা মতে এইপৰ্যন্ত ১২জন ৰোগীক জি এম চি এইচলৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকী ৰোগীসকল হ’ম আইছ’লেশ্যনত আছে৷ নগাঁও জিলা স্বাস্থ্য বিভাগে যোৱা ২২ এপ্ৰিলত ১০০গৰাকী লোক কভিড-১৯ত নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে৷ জিলা স্বাস্থ্য বিভাগে ৩৫০১গৰাকী লোকৰ আৰ এ টি টেষ্ট আৰু ৬৮গৰাকী আৰ টি পি চি আৰ টেষ্ট কৰা হয়৷ ইয়াৰ ভিতৰত ১০০গৰাকী লোক কভিডত আক্ৰান্ত হোৱাটো নিশ্চিত হয়৷ ইপিনে, কভিড-১৯ত আক্ৰান্ত নগাঁও চহৰৰ মিলনপুৰৰ সুনীতি শইকীয়া নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়৷ তেওঁ মধুমেহ ৰোগতো ভুগি আছিল৷ সুনীতি শইকীয়াক যোৱা মঙলবাৰে তেওঁক প্ৰথমে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কভিড হস্পিটেলত ভৰ্তি কৰোৱা হয়৷ পিছলৈ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ২১ এপ্ৰিলৰ সন্ধিয়া গুৱাহাটীৰ কালাপাহাৰস্থিত কভিড হস্পিটেললৈ অনা হয় যদিও নিশা মহিলাগৰাকীৰ মৃত্যু হয়৷ যোৱা ২২ এপ্ৰিলত মৰিগাঁৱত পুনৰ ৫৪জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ২১০জনলৈ বৃদ্ধি পায়৷ লখিমপুৰত আক্ৰান্তৰ সংখ্যা ১৪৫ লৈ বৃদ্ধি পাইছে৷ যোৱা ২২ এপ্ৰিলত লখিমপুৰৰ চেইণ্ট মেৰিজ বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ তথা চাবতি চৌখাম গাঁৱৰ প্ৰণৱ বৰুৱাৰ পুত্ৰ অভিগৰাগ বৰুৱা (১১) যোৱা ২২ এপ্ৰিলত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত পৰীক্ষা কৰাত শৰীৰত কভিড পজিটিভ চিনাক্ত হয়৷ সম্প্ৰতি কণমানিটিৰ উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here