ৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি

0
1562

২৮ এপ্ৰিলত পুৱা ৰাজ্যত তিনিটাকৈ বৰভূঁইকঁপৰ জোকাৰণি অনুভূত হয়৷ ইয়াৰ পূৰ্বে হয়তো ৰাজ্যত এনে ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱা নাছিল৷ ৭১ বছৰৰ পাছত কালি পুৱাৰ ভাগতে ৰাজ্যত সবাতোকৈ ডাঙৰ ভূমিকম্পই জোকাৰি যায়৷ ৰাজ্যবাসীক পুৱা তিনিটা পৃথক পৃথক ভূমিকম্পই জোকাৰি যায়৷ পুৱা ৭ বাজি ৫২ মিনিটত ৩০ ছেকেণ্ড ধৰি প্ৰথমটো জোকাৰণি অনুভূত হয়৷ ৰিখ্‌টাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৬.৭৷ দ্বিতীয়টো জোকাৰণি অনুভূত হয় ৭ বাজি ৫৮ মিনিটত, ৰিখ্‌টাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৪.৩৷ আকৌ ৮ বাজি ১০ মিনিটত পুনৰ তৃতীয়টো ভূমিকম্পৰ জোকাৰণি ৰাজ্যবাসীয়ে অনুভৱ কৰে৷ ৰিখ্‌টাৰ স্কেলত ৪.৪ প্ৰাবল্যত অহা ভূমিকম্পৰ জোকাৰণিয়ে ৰাজ্যৰ জনসাধাৰণক সন্ত্ৰসিত কৰি তোলে৷ দ্বিতীয় আৰু তৃতীয়টো জোকাৰণিৰ প্ৰাবল্য কম আছিল যদিও প্ৰথমটোৰ প্ৰাবল্য অধিক হোৱা বাবে সমগ্ৰ ৰাজ্যতে বিস্তৰ ক্ষয়-ক্ষতি হয়৷ কালিৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকীয়াজুলি৷
ৰাজ্যৰ আন আন প্ৰান্তৰ যথেষ্ট ক্ষতি হোৱাৰ লগতে ভূমিকম্পৰ প্ৰবল জোকাৰণিত গুৱাহাটী মহানগৰৰ বহু অট্টালিকাত বৃহৎ বৃহৎ ফাট মেলা পৰিলক্ষিত হয়৷ তাৰ ভিতৰত মহানগৰত থকা তাজ ভিভাণ্টাৰ ছাদ খহি পৰে৷ আনহাতে আয়কৰ ভৱন, এক্সেলকেয়াৰ হাস্পাতাল, গণেশগুৰিস্থিত বি কে টাৱাৰ, দিছপুৰ ধাবাৰ দেৱাল, এপল’ ক্লিনিক আদিত বৃহৎ ফাট মেলা পৰিলক্ষিত হয়৷ বেলতলাৰ লখিমী এপাৰ্টমেণ্ট, অমৰ এপাৰ্টমেণ্টত ফাট মেলে৷ উলুবাৰীৰ ছিগনেচাৰ এপাৰ্টমেণ্টৰ পানীৰ টেংকিৰ দেৱাল ফাটি সমগ্ৰ এপাৰ্টমেণ্টটোৰ ভিতৰত পানী সোমাই যায়৷ ৰুক্মিণী গাঁৱৰ গ্ৰীনলেণ্ড এপাৰ্টমেণ্টতো বিস্তৰ ক্ষতি হয়৷ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অ’ এ চি প্লেণ্টত থকা গেছ চিলিণ্ডাৰ বাগৰি পৰাৰ ফলত ইয়াৰ পৰা গেছ নিৰ্গত হয় যদিও অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ হয়৷ ব্ৰহ্মপুত্ৰৰ মাজত থকা উপাসনাস্থলী উমানন্দ মন্দিৰত মন্দিৰ পৰিচালনা সমিতিয়েমূল তোৰণকে ধৰি কেইবাঠাইতো বৃহৎ ফাট মেলা প্ৰত্যক্ষ কৰে৷ কালিৰ ভূমিকম্পৰ ফলত গুৱাহাটী মহানগৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে৷


ইয়াৰ উপৰি ৰাজ্যৰ অন্য প্ৰান্ততো ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হয়৷ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ সুউচ্ছ পাহাৰ খহি পৰে৷ নগাঁৱত অৱস্থিত ভেৰভেৰীৰ মহামৃত্যুঞ্জয় মন্দিৰৰ ওপৰত বৃহৎ ফাট মেলা দেখা পায়৷ আনহাতে ওৰাঙত মাটি ফালি পানী নিৰ্গত হোৱাৰ দৃশ্যও ৰাইজে প্ৰত্যক্ষ কৰে৷ দৰং জিলাৰ ছিপাঝাৰত ছাদ খহি এজন বৃদ্ধ আহত হয়৷ আনহাতে, কালিৰ ভূমিকম্পত আতংকিত হৈ চন্দ্ৰপুৰত সত্তৰোধ্বৰ্ৰ এজন ব্যক্তিৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here