ৰাজ্যত প্ৰথমবাৰৰ বাবে ক’ত ২ ডি জি ঔষধ ব্যৱহাৰ হ’ল?

0
1244

বৰ্তমান ৰোগীজনক ২ ডি জিৰ ৪টা ড’জ দিয়া হৈছে৷ মুঠ ১০টা ড’জ তেওঁক দিব লাগিব আৰু ১০টা ড’জ সম্পূৰ্ণ হোৱাৰ পাছতহে গম পোৱা যাব নতুন এণ্টি কভিড ঔষধবিধৰ ক্ষমতা৷

ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন চমুকৈ ডি আৰ ডি অ’-এ উদ্ভাৱন কৰি উলিওৱা ২ ভি অ’ক্সি-ডি-গ্লুক’জ ২ ডি  জি ৰাজ্যত প্ৰথমবাৰৰ বাবে যোৰহাট মেডিকেল হাস্পতালে এজন কভিড আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিবলৈ ব্যৱহাৰ কৰিছে৷ এতিয়া সমগ্ৰ ৰাজ্যই যোৰহাট মেডিকেলৰ মুখলৈ বৰ আশা আৰু উৎকণ্ঠাৰে বাট চাই আছে৷ কাৰণ যোৰহাট মেডিকেলত এই ঔষধে দেখুওৱা ফলাফলৰ ভিত্তিতে ৰাজ্যৰ আন আন চিকিৎসালয়বোৰতো এই ঔষধবিধ ব্যৱহাৰ কৰিব পাৰিব আৰু যদিহে ২ ডি জি সফল হয়, তেনেহ’লে ৰাজ্যৰ হাজাৰ হাজাৰ কভিড ৰোগী কম সময়তে আৰু কম কষ্টতে সুস্থ হৈ উঠিব৷ যোৰহাট মেডিকেল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, যোৰহাট মেডিকেলত কভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা এজন বয়োজ্যেষ্ঠ ৰোগীৰ ভতিজাক ডি আৰ ডি অ’ত কৰ্মৰত৷ ভতিজাকগৰাকীৰ অনুৰোধ আৰু তেওঁ যোগান দিয়া ঔষধেই বৰ্তমান ৰোগীজনক দিয়া হৈছে৷ মেডিকেল কলেজ কৰ্তৃপক্ষই লগতে জানিবলৈ দিয়ে যে বৰ্তমান ৰোগীজনক ২ ডি জিৰ ৪টা ড’জ দিয়া হৈছে৷ মুঠ ১০টা ড’জ তেওঁক দিব লাগিব আৰু ১০টা ড’জ সম্পূৰ্ণ হোৱাৰ পাছতহে গম পোৱা যাব নতুন এণ্টি কভিড ঔষধবিধৰ ক্ষমতা৷ উল্লেখ্য যে ডি আৰ ডি অ’ই কৰা পৰীক্ষাত পোহৰলৈ আহিছিল যে ২ ডি জি পানীৰ লগত মিহলাই খালে ৰোগী কম সময়তে আৰোগ্য হোৱাৰ লগতে তেওঁক অক্সিজেন দিয়াৰ প্ৰয়োজন নাথাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here