ৰাজ্যত পুনৰ কৰ’না-আতংক

0
1028


ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে কভিড-১৯ ৰোগীৰ সংখ্যা৷ ইয়েই জনসাধাৰণক চিন্তান্বিত কৰি তুলিছে৷ তাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে এটাৰ পাছত আন এটা নতুন কভিড প্ৰট’কলৰ নিদেৰ্শনা দিবলৈ বাধ্য হৈছে৷ কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধিলৈ চাই স্বাস্থ্য বিভাগো পূৰ্ণোদ্যমে সাজু হৈ উঠিছে৷ কৰ’নাৰ সংক্ৰমণ ক্ৰমান্বয়ে সকলো জিলালৈ বিস্তাৰিত হৈছে৷ যোৱা ২০ এপ্ৰিলত শোণিপুৰ জিলাত ৭৮গৰাকীকৈ লোকৰ নতুনকৈ কভিড চিনাক্ত হৈছে৷ ইয়াকে লৈ জিলাত বৰ্তমানলৈ ক’ভিড ৰোগীৰ সংখ্যা হ’ল ৩০৫গৰাকী৷ লক্ষণীয়ভাৱে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত অন্য ৰোগ দেখুৱাবলৈ অহা ১০ গৰাকী ৰোগীৰ কভিড পৰীক্ষা কৰোৱাৰ পাছত ৫ গৰাকীৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাত যোৱা ১৯ এপ্ৰিললৈকে ৪১গৰাকীকৈ লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ ইয়াৰে ৩গৰাকী বহিঃৰাজ্যৰ পৰা অহা চি আৰ পি এফৰ লোক আৰু এজন আৰক্ষীৰ লোকো আছে বুলি জানিব পৰা গৈছে৷ যোৱা ২০ এপ্ৰিলত বোকাজানৰ আৰু জ্ঝগৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে৷ কভিড-১৯ৰ এনে ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বোকাজান মহকুমা প্ৰশাসনে যোৱা ২০ এপ্ৰিলৰ পৰা বিয়লি ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে কাৰ্যকৰী হোৱাকৈ বোকাজানৰ সকলো দোকান-পোহাৰ, শ্বপিংমল, শৰীৰচৰ্চা কেন্দ্ৰ আদি বন্ধ ৰাখিবলৈ মাইকযোগে নগৰখনত ঘোষণা কৰে৷ কামৰূপ জিলাৰ বকোত কৰ’নাত আক্ৰান্ত হৈ যোৱা ২০ এপ্ৰিলত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বাতৰি পোহৰলৈ আহিছে৷ কৰ’নাত মৃত্যু হোৱা মহিলাগৰাকী বকো সমষ্টিৰ তাৰাবাৰী গাঁও নিৱাসী নিদয়া সূত্ৰধৰ (৪৫) বুলি জানিব পৰা গৈছে৷ নগাঁৱত অভাৱনীয় হাৰত বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা৷ যোৱা ২০ এপ্ৰিলত জিলাখনত ৭২গৰাকী লোক কভিড-১৯ ত নতুনকৈ আক্ৰান্ত হৈছে৷ মৰিগাঁও জিলাত স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ২১ এপ্ৰিলৰ দিনটোত নতুনকৈ ১১জন লোক কৰ’নাত আক্ৰান্ত হৈছে৷ ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৮৮জনলৈ বৃদ্ধি পায়৷ধুবুৰী জিলাত কভিড ৰোগীৰ সংখ্যা ৪২জনলৈ বৃদ্ধি পালে৷ লখিমপুৰত কভিড সংক্ৰমণৰ যোৱা ১৯ এপ্ৰিললৈকে জিলাখনত ৫৩জন লোক আক্ৰান্ত আছিল যদিও যোৱা ২০ এপ্ৰিলত পুনৰ ১১জন লোক আক্ৰান্ত হয়৷ জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা ৬৪জনলৈ বৃদ্ধি পালে৷ দৰং জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে মঙলবাৰে দিনৰ ভাগত জিলাখনত নতুনকৈ ৩৭জন লোকৰ দেহত ধৰা পৰিছে কভিড-১৯ৰ অৱস্থিতি৷ ইয়াকে ধৰি চলিত বৰ্ষত কভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৬৮জনলৈ বৃদ্ধি পায়৷ কাৰ্বি আংলং জিলাত যোৱা ২০ এপ্ৰিলত ৪১গৰাকী ব্যক্তিৰ দেহত কভিডৰ অৱস্থিতি ধৰা পৰিছে৷ ওদালগুৰি জিলাত যোৱা ২০ এপ্ৰিলত ৪ জন লোকৰ দেহত কভিড-১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ এই ৪ জনকে ধৰি ওদালগুৰি জিলাত দ্বিতীয় পৰ্যায়ত কভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৪৫জনলৈ বৃদ্ধি পালে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here